ETV Bharat / state

পাথাৰকান্দি সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম্য পকী পথ যোজনাত ব্যাপক খেলিমেলিৰ অভিযোগ

কাম সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো সম্পন্ন হৈ উঠা নাই পথচোৱা। পথটোৰ বাবত ধাৰ্য কৰা হৈছিল 4 কোটি 35 লাখ টকা। কিন্তু এজাক বৰষুণতে নিৰ্মীয়মান অংশ এটা ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে ।

author img

By

Published : Jun 17, 2020, 9:22 PM IST

পাথাৰকান্দি সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰম্য পকী পথ যোজনাত ব্যাপক খেলিমেলিৰ অভিযোগ

কৰিমগঞ্জ, 17 জুনঃ পাথাৰকান্দি সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰম্য পকী পথ যোজনাৰ অধিনত নিৰ্মীয়মান এটা পথত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় জনতাই । কাম সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো পঞ্চাশ শতাংশও কাম সম্পন্ন হৈ নুঠাৰ বাবে ক্ষোভ উজাৰিছে স্থানীয় লোকে । ইপিনে এতিয়াইলৈ সম্পূৰ্ণ হোৱা কামৰ ক্ষেত্ৰতো মুঠেও সন্তুষ্ট নহয় অঞ্চলটোৰ ৰাইজ । কিয়নো নিম্নমানৰ কাম হোৱাৰ বাবে পথটোৰ বিভিন্ন অংশ বৰষুণৰ পানীয়ে খহায় নিয়া দেখা গৈছে ।

পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত লোৱাইৰপোৱাৰ পৰা পেচাৰঘাটলৈকে পথটো নিৰ্মাণৰ বাবে 2018 চনত চাৰি কোটি পয়ত্ৰিশ লাখ টকা ধাৰ্য কৰা হৈছিল আৰু পথ নিৰ্মাণৰ কাম আৰম্ভও হৈছিল । জনৈক মদনমোহন দাস নামৰ ঠিকাদাৰ এজনে এই পথটোৰ নিৰ্মাণৰ নিবিদা লাভ কৰিছিল ।

ৰাইজৰ অভিযোগ মতে প্ৰথম অবস্থাত পথ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলিছিল যদিও সময় যিমান অতিবাহিত হৈছিল কামৰ মানদণ্ডও নিম্নমানৰ হ'ব ধৰিছিল । আনকি এইবাৰৰ বৰষুণে পথৰ বহু অংশৰ মাটি কাষৰ পথাৰলৈ উটুৱাই লৈ যায় । পথৰ বহু অংশত কালভাৰ্ট নিৰ্মানৰ কথা আছিল যদিও আজিলৈকে সেয়াও সম্পন্ন হৈ নুঠিল ।

বিভাগীয় একাংশ আমোলা আৰু ঠিকাদাৰৰ মিতিৰালিৰে কৰিমগঞ্জৰ ভালে সংখ্যক প্ৰধানমন্ত্ৰী গ্ৰাম্য পকী পথ যোজনাৰ কামত ইতিমধ্যে বিসংগতি ধৰা পৰিছে । এই পথটোৰ ক্ষেত্ৰতো একে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইতিমধ্যে বিষয়টো কৰিমগঞ্জৰ জিলাধিপতি আৰু সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল'কো অবগত কৰিছে এলেকাৰ লোকসকলে।

লগতে চাওকঃ বাঘজানৰ তৈল কুণ্ডত বেইলী ব্ৰীজ নিৰ্মাণক লৈ সমীক্ষা আৰম্ভ ভাৰতীয় সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.