কৰিমগঞ্জ, 7 মাৰ্চ: কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰামীণ পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি । ঠিকাদাৰ আৰু বিভাগীয় কৃৰ্তপক্ষৰ মিতিৰালিৰে চৰকাৰী ধন লুন্ঠনৰ অভিযোগ । শূন্য সহনশীলতাৰ মাত মতা চৰকাৰৰ দিনত যেন বৃদ্ধি পাইছে দুৰ্নীতিৰ অভিযোগ । গ্ৰামীণ পকী পথ নিৰ্মাণত কোটি কোটি টকা আৱন্টন দিয়া হৈছে যদিও গড়কাপ্তানী বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া আৰু ঠিকাদাৰৰ ময়মতালিৰে চৰকাৰী ধন লুন্ঠনৰ অভিযোগ উত্থাপিত হৈ আহিছে । যাৰ ফলত আঁচনি সমূহৰ সঠিক ৰূপায়ণ নোহোৱাকৈ চৰকাৰী ধন জেপত ভৰাইছে একাংশ শাসকীয় দলৰ নেতা,ঠিকাদাৰ আৰু বিভাগীয় বিষয়াই ।
পথ নিৰ্মাণত অনুৰূপ এক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিত । আনিপুৰৰ পৰা চটইয়াপুঞ্জি গ্ৰামীণ পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । নিম্নমানৰ পথ নিৰ্মাণৰ কাম কৰি কোনোমতে দায়িত্ব সামৰি চৰকাৰী ধন আত্মসাতৰ অভিযোগ উত্থাপিত কৰিছে ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ বিৰুদ্ধে ।
AS-13-167 নং পেকেজৰ অন্তৰ্গত 1.823 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ প্ৰকল্পৰ বাবে আৱন্টন দিয়া হৈছিল 1 কোটি 29 লাখ 37 হাজাৰ টকা । কিন্তু পিলু সিনহা নামৰ ঠিকাদাৰৰ পি এণ্ড বি নামৰ নিৰ্মাণ সংস্থাটোৱে পথটো নিৰ্মাণৰ কাম চলাই গৈছে যদিও পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ উত্থাপিত হৈছে অভিযোগ । আনহাতে কোনো ধৰণৰ নিতি নিয়ম পালন নকৰি নিৰ্মাণৰ কাম চলাইছে নিৰ্মাণ সংস্থাটোৱে । ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷