কৰিমগঞ্জ, 4 নৱেম্বৰ: কৰিমগঞ্জ আৰক্ষীৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি অপৰাধীক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীক এমাহৰ সময় বান্ধি দিলে কৰিমগঞ্জৰ ৰাইজে ৷ ৰাইজৰ অভিযোগ, কৰিমগঞ্জ জিলাত ব্যাপকভাৱে বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ ৷ আৰু এইসমূহ নিয়ন্ত্ৰণ কাৰত সম্পূৰ্ণভাৱে বিফল হৈছে কৰিমগঞ্জ আৰক্ষী ৷
উল্লেখ্য যে বিগত 12 অক্টোবৰত কৰিমগঞ্জ সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী বিষয়া ৰঞ্জিত গোস্বামীৰ চেৰাগী স্থিত বাসভৱনত চিবিআইৰ পৰিচয় দি এদল দুবৃত্তৰ দলে নিশা ১২ বজাত প্রবেশ কৰি তেওঁৰ ভতিজা ৰজত গোস্বামীক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ যাব লাগিব বুলি বলপূৰ্বক উঠাই নিয়াৰ লগতে সোণৰ আ অলংকাৰসহ সহ ধন দাবী কৰিছিল । স্থানীয় ৰাইজ উলাই অহাৰ বাবে অপহৰণকাৰী দলৰ দুজন পলাই যাব লৈ সক্ষম হয় যদিও ৰাইজে নইম উদ্দিন নামৰ দিল্লীৰ ৰঘুবীৰ নগৰৰ এজন যুৱকক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ দলটোৰ অন্য দুগৰাকী সহযোগীক আৰক্ষীয়ে বদৰপুৰ সমষ্টিৰ ভঙ্গা এলাকাৰ পৰা ৰাইজৰ সহযোগত আটক কৰে যদিও মূল অভিযুক্ত হুছেইন আহমেদ সহ দিল্লীৰ এজনক এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ।
অৱশেষত ঘটনাৰ মূল অভিযুক্ত বান্দৰকোনা গাঁও পঞ্চায়তৰ হোছেইন আহমেদ সহ বাকী অপৰাধীক আটক কৰাৰ দাবীত পঞ্চায়তটোৰ হাজাৰৰ অধিক লোক উলাই আহি প্রতিবাদ সাব্যস্ত কৰে ৷ লগতে অপৰাধীক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীক এসপ্তাহৰ সময় সীমা বান্ধি দিয়ে ৷
লগতে পঢ়ক: প্ৰমোদ বড়োৰ দাবী : মছনদ দখল কৰিব নোৱাৰে বিপিএফে !