কৰিমগঞ্জ,25 নৱেম্বৰঃ অসমৰ লগতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলটো অব্যাহত আছে বন্যবহস্তীৰ তাণ্ডৱ ৷ বন্যহস্তীৰ আক্ৰমণত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে বহু অঞ্চলৰ ৰাইজে ৷ ইয়াৰ মাজতে মঙলবাৰে ত্ৰিপুৰাৰ উত্তৰ মহাৰাণী পুৰৰ লক্ষ্মীচৰণ গাঁৱত সংঘটিত হয় এক দুৰ্ঘটনা ৷ একাংশ ক্ষুদ্ধ ৰাইজে আক্ৰমণ চলায় কৰ্তব্যৰত বনকৰ্মীৰ ওপৰত ৷ ফলত গুৰুতৰভাৱে আহত হয় বিশ্বজিৎ দেববর্মা নামৰ এগৰাকী বনকর্মী |
উল্লেখ্য যে,মঙলবাৰে নিশা গাঁওখনত কাষৰ হাবিৰ পৰা জাকে জাকে অহা বন্যহস্তীয়ে ধাননি পথাৰ বিনস্ত কৰে ৷ এই সন্দৰ্ভত ৰাইজে বন বিভাগক অৱগত কৰে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ গুলি,ফটকাৰে হাতীৰ জাকটো খেদি পঠিয়ায় ৷ কিন্তু হঠাতে ক্ষুদ্ধ ৰাইজে ওলোটাই বনকৰ্মীৰ ওপৰত আক্ৰমণ চলায় ৷ ফলত গুৰুতৰভাৱে আহত হয় বনকৰ্মী বিশ্বজিৎ দেববর্মা ৷ এই ঘটনাক কেন্দ্ৰ সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷
লগতে পঢ়ক-তৰুণ গগৈ মোৰ গুৰু আছিল : ৰাহুল গান্ধী