কৰিমগঞ্জ , 16 জুন: অনুন্নত বাট-পথৰ বাবে এতিয়া জ্বলাকলা খাব লগা হৈছে বদৰপুৰ সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ ৰাইজে ৷ ভাংগা ষ্টেচন ৰোডস্থিত গড়কাপ্তানি পথটোৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া জ্বলা-কলা খোৱাইছে স্থানীয় ৰাইজক (Poor road condition in Bodorpur)৷ পথটোৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ গাত (Pathetic road condition) ৷ এই পথেৰে দৈনিক যাতায়ত কৰিব লগা হয় স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে অজস্ৰ লোক । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথটোৰে ভাংগা ৰেলৱে ইয়ার্ডৰ পৰা দৈনিক অবৈধভাৱে অ'ভাৰ লোড ট্ৰাক চলাচল কৰি অহাৰ বাবেই এনে জৰাজীৰ্ণ অৱস্থাৰ সৃষ্টি হৈছে পথটোৰ ।
লক্ষণীয় যে, অ'ভাৰ লোডেড ট্ৰাকসমূহ চলাচলৰ বাবেই সৃষ্টি হোৱা জৰাজীৰ্ণ অৱস্থাৰ বাবেই পথটোত যি কোনো মূহূৰ্তত সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা (Fatal accident scare)। কিন্তু এই ক্ষেত্ৰত নিৰৱ ভুমিকা পালন কৰি আহিছে বিভাগীয় কৰ্তৃপক্ষই ৷ বিশেষকৈ পথটোয়ে চৰম ভাবুকি কঢ়িয়াই আনিছে স্কুল-কলেজত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৷ পথৰ এনে ভয়াৱহ অৱস্থাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতিৰ বাবে বাৰম্বাৰ আবেদন- নিবেদন জনাই অহাৰ পাছতো পোৱা নাই কোনো সুফল (No government response) ৷
উল্লেখযোগ্য য়ে , কৰিমগঞ্জ ভ্ৰমণৰ সময়তেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় ৰাখি ৰাইজে স্মাৰক পত্ৰৰ যোগেদি মুখ্যমন্ত্ৰীগৰাকীক পথটো মেৰামতিৰ বাবে জনাইছিল আহ্বান ৷ কিন্তু ইয়াৰ পাছতো স্থানীয় ৰাইজে কোনো সুফল ৷ ইফালে বদৰপুৰৰ স্থানীয় বিধায়ক আব্দুল আজিজকো(Badorpur MLA Abdul Aziz) বহুবাৰ আহ্বান জনাইছে ৰাইজে ৷ কিন্তু সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰিছে স্থানীয় বিধায়কগৰাকীয়ে ৷ এনে বহু অভিযোগেৰে এতিয়া ক্ষুব্ধ হৈ পৰিছে ৰাইজৰ লগতে বিভিন্ন স্থানীয় দল-সংগঠন ৷ সকলোৰে দাবী, চৰকাৰে অতি শীঘ্ৰেই মেৰামতি কৰক ভাংগা ষ্টেচন ৰোডৰ এই গড়কাপ্তানি পথটো ৷ অন্যথা ৰাইজৰ লগতে বিভিন্ন স্থানীয় দল-সংগঠনসমূহ ৰাজপথলৈ নামি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ’ব ৷
লগতে পঢ়ক: Red Alert in Guwahati: মহানগৰীত বৃহস্পতিবাৰেও বন্ধ শিক্ষানুষ্ঠান