ETV Bharat / state

গাঁও পঞ্চায়তলৈ আৱন্টিত পুঁজিত ব্যাপক অনিয়ম - দুৰ্নীতি সংঘটিত

চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত গাঁও পঞ্চায়তলৈ আৱন্টিত পুঁজিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ কৰিমগঞ্জত ৷ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অবগত কৰিছে যদিও কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷

Panchyat Corruption In Karimganj District
গাঁও পঞ্চায়তলৈ আৱন্টিত পুঁজিৰ নামত ব্যাপক অনিয়ম
author img

By

Published : Sep 1, 2020, 6:33 PM IST

কৰিমগঞ্জ, 1 ছেপ্তেম্বৰ : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে দক্ষিণ কৰিমগঞ্জ উন্নয়ন খণ্ডৰ ফাৰমপাশা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত গাঁও পঞ্চায়তলৈ আৱন্টিত পুঁজিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ একাধিক আঁচনিত ফলক নোহোৱাকৈ আঁচনিৰ কাম আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ লগতে, অতি নিম্ন মানৰ সামগ্ৰী ব্যবহাৰ কৰি আঁচনিৰ কাম আৰম্ভ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

তথ্য অনুসৰি, দক্ষিণ কৰিমগঞ্জৰ বিধায়কৰ নিজ পঞ্চায়তত উক্ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে, পঞ্চায়তটোৰ অন্তৰ্গত শৌচালয় আৰু শ্মশান গৃহ নিৰ্মাণৰ নামতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷

গাঁও পঞ্চায়তলৈ আৱন্টিত পুঁজিৰ নামত ব্যাপক অনিয়ম

ৰাইজৰ অভিযোগ অনুসৰি, বিভাগীয় কৰ্তৃপক্ষৰ লগতে সমষ্টিটোৰ বিধায়ক আজিজ আহমেদ খানক এই বিষয়ে বিভিন্ন সময়ত ৰাইজে অবগত কৰিছে যদিও বিধায়ক গৰাকীৰ লগতে বিভাগটোৰ অভিযন্তা, খণ্ড উন্নয়ন বিষয়াই এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক : হোজাই আৰক্ষীৰ অভিযানত আটক তিনি ঈৰাণী গ্ৰুপৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.