ETV Bharat / state

পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

author img

By

Published : Dec 29, 2020, 2:21 PM IST

Updated : Dec 29, 2020, 3:06 PM IST

কৰিমগঞ্জত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী । পাথাৰকান্দিৰ বাইপাছ এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

One spot dead at road accident in karimganj assam etv bharat news
পথ দুৰ্ঘটনা

কৰিমগঞ্জ,29 ডিচেম্বৰ: কৰিমগঞ্জত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে এগৰাকী বাইক আৰোহী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে জিলাখনৰ পাথাৰকান্দি বাইপাছ অঞ্চলত সংঘটিত বাইক আৰু ডাম্পাৰৰ মাজৰ সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় আব্দুল কুদ্দুছ নামৰ বাইক আৰোহীগৰাকী ৷ মৃত্যু হোৱা যুৱকজনৰ ঘৰ কৰিমগঞ্জৰ টিলাগাঁৱত ৷

স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে দুয়োখন বাহন ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, এম জেড 01 এইচ 9577 নম্বৰৰ বাইকখনে এখন ডাম্পাৰত পিছফালৰ পৰা খুন্দা মাৰে ৷ কিন্তু মৃত যুৱকৰ পৰিয়ালে দুৰ্ঘটনাটোৰ সন্দৰ্ভত বিপৰীত ভাষ্য প্ৰকাশ কৰে ৷ যুৱকজনৰ মৃত্যুত উত্তেজিত ৰাইজে ডাম্পাৰখনৰ ক্ষতিসাধন কৰে ৷ এটি ছমহীয়া সন্তানৰ পিতৃ আব্দুল কৰ্মসূত্ৰে বাংগালুৰুৰ বাসিন্দা আছিল ৷ লক ডাউনৰ সময়ছোৱাত কৰ্ম সংস্থাপন হেৰুৱাই যুৱকজনে ঘৰলৈ উভতি আহিছিল ৷

লগতে চাওকঃ শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত

Last Updated : Dec 29, 2020, 3:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.