ETV Bharat / state

কৰিমগঞ্জত ডাম্পাৰৰ খুন্দাত নিহত এজন

author img

By

Published : Apr 30, 2020, 5:26 PM IST

কৰিমগঞ্জৰ চেৰাগী ফাকুৱাগাঁও গড়কাপ্তানী পথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । মাটি কঢ়িওৱা এখন ডাম্পাৰৰ খুন্দাত নিহত এগৰাকী লোক ।

one person died in accident in karimganj

কৰিমগঞ্জ, 30 এপ্ৰিলঃ কৰিমগঞ্জৰ এৰালিগুলত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা । চেৰাগী ফাকুৱাগাঁও গড়কাপ্তানী পথত সংঘটিত হয় এই ঘটনা । প্ৰাপ্ত তথ্য অনুসৰি অবৈধভাৱে মাটি কঢ়িওৱা এখন ডাম্পাৰৰ খুন্দাত নিহত হৈছে এগৰাকী চাইকেল আৰোহী । দিন হাজিৰা কৰা মৃত লোকজনৰ নাম বাবুল হুছেইন বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, এখন নম্বৰ বিহীন ডাম্পাৰে লোকজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

কৰিমগঞ্জত ডাম্পাৰৰ খুন্দাত নিহত এগৰাকী লোক

স্থানীয় লোকৰ সহযোগত দুৰ্ঘটনাত পতিত হোৱা লেকজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও, চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় লোকজনৰ । স্থানীয় লোকৰ অভিযোগ অনুসৰি, অঞ্চলটোৰ ছেলিম উদ্দিন নামৰ ব্যক্তিজনৰ পৰিয়ালৰ কোনো সদস্যৰ ডাম্পাৰৰ খুন্দাত লোকজন নিহত হয় ।

উল্লেখ্য যে, ছেলিম উদ্দিনসহ তেওঁৰ ভাতৃসকলৰ আছে কেইবাখনো কেইবাখনো জেচিবি আৰু ডাম্পাৰ । তেওঁ আৰু তেওঁৰ প্ৰতি গৰাকী ভাতৃয়ে এৰালিগুল অঞ্চলৰ বনাঞ্চলৰ পৰা বহুদিন ধৰি মাটি কাটি বিক্ৰী কৰি আহিছে । আনকি লক্ ডাউনৰ সময়চোৱাতো টিলাৰ ৰঙা মাটি কাটি বিভিন্ন নিৰ্মান সংস্থাক যোগান ধৰি আহিছে তেওঁলোকে । যোৱা নিশাও লক্ ডাউন ভংগ কৰি ছেলিম উদ্দিনৰ পৰিয়ালৰ লোকে অবৈধভাৱে মাটি কাটিছিল আৰু সেই মাটি কঢ়িওৱা ডাম্পাৰে খুন্দিয়াই যোৱাৰ ফলত লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ।

লগতে পঢকঃ ৰাজ্যত অবৈধভাৱে প্ৰৱেশ থাইলেণ্ডৰ মাছ ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.