কৰিমগঞ্জ, 19 ছেপ্টেম্বৰ : কৰিমগঞ্জ জিলাৰ বিভিন্ন অঞ্চলত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ কৰিমগঞ্জ জিলাক ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি চুবুৰীয়া ৰাজ্য সমূহলৈ চলিছে ড্ৰাগছৰ অবৈধ সৰবৰাহ । কৰিমগঞ্জ জিলাৰ বাজাৰিছড়া আৰক্ষী থানাৰ অধীনস্থ লোয়াইৰপোৱাৰত শুকুৰবাৰে নিশা আটক কৰা হয় এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীয়ে অভিযান চলায় খোজকাঢ়ি গৈ থকা অৱস্থাত আটক কৰে বাবলু দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো ৷
ত্ৰিপুৰাত ব্ৰাউন চুগাৰ সৰবৰাহ কৰাৰ প্ৰাকমুহূৰ্তত ত্ৰিপুৰা আৰক্ষীৰ জালত পৰে বাবলু দাস । বাবলুৰ পৰা আৰক্ষীয়ে জব্দ কৰে 45 গ্ৰাম নিচাযুক্ত দ্ৰব্য ৷ উদ্ধাৰ হোৱা নিচাযুক্ত দ্ৰব্য খিনিৰ মূল্য প্রায় তিন লক্ষ টাকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
লগতে পঢ়ক : বিটিচি পৰিষদীয় নিৰ্বাচন পিছুওৱা সন্দৰ্ভত প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া