ETV Bharat / state

কৰিমগঞ্জত আটক বাংলাদেশী চোৰাং গৰু ব্যৱসায়ী

author img

By

Published : Feb 18, 2020, 4:30 AM IST

Updated : Feb 18, 2020, 7:45 AM IST

কৰিমগঞ্জ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে চলোৱা অভিযানত গৰুসহ আটক এজন বাংলাদেশী চোৰাং গৰু ব্যৱসায়ী ৷

ONE BANGLADESHI COW SMUGGLER NABBED BY BSF, KARIMGANJ
কৰিমগঞ্জত আটক চোৰাং বাংলাদেশী গৰু ব্যৱসায়ী

কৰিমগঞ্জ, 17 ফ্ৰেব্ৰুৱাৰী: কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত বি.এছ.এফৰ দ্বাৰা আটক চাৰিটা গৰুসহ এজন বাংলাদেশী নাগৰিক ৷ সোমবাৰে নিশা ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি বাংলাদেশী চোৰাং ব্যৱসায়ীৰ এটা দলে ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় চোৰাং ব্যৱসায়ীৰ পৰা গৰু ক্ৰয় কৰি লৈ যোৱাৰ তথ্য পূৰ্বে লাভ কৰিছিল সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা বিভাগে । এক গোপন সূত্ৰৰ ভিত্তিত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই বিলবাৰী সীমান্ত চকীৰ অন্তৰ্গত ১৩৭৭ নং /২ এছ. পিলাৰৰ সমীপত ফয়চল আহমেদ নামৰ চোৰাং ব্যৱসায়ীজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত ফয়চল আহমেদ বাংলাদেশৰ মৌলবী বজাৰ জিলাৰ বৰলেখা থানাৰ অন্তৰ্গত বুবাৰথল ষাইটঘড়ী গাঁৱৰ বাসিন্দা ৷ দীৰ্ঘ দিন ধৰি ফয়চল গৰুৰ চোৰাং ব্যৱসায়ত জড়িত আছিল। একেদৰে আজিও ফয়চলে ভাৰতীয় চোৰাং ব্যৱসায়ীৰ লগ লাগি গৰু নিবলৈ আহি চাৰিটা গৰুসহ ধৰা পৰে । ইতিমধ্যে ধৃত ফয়চলক সীমা সুৰক্ষা বাহিনীয়ে পাথাৰকান্দি আৰক্ষীক গতাই দিয়ে ।

লগতে পঢ়ক:ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰাৰ প্ৰতিবাদত হাফলঙত শান্তি সমদল

Last Updated : Feb 18, 2020, 7:45 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.