ETV Bharat / state

কৰিমগঞ্জৰ শিৱানী হত্যাকাণ্ডৰে জড়িত এক অভিযুক্তক গ্ৰেপ্তাৰ - গোপন সূত্ৰৰ পম খেদি

শিৱানী হত্যাকাণ্ডৰে জড়িত এক অভিযুক্তক গ্ৰেপ্তাৰ ৷ কৰিমগঞ্জত সংঘটিত এই হত্যাকাণ্ডৰ 10 দিন অতিক্ৰম কৰাৰ পাছত এক অভিযুক্তক গ্ৰেপ্তাৰ কৰাত সফল কৰিমগঞ্জ আৰক্ষী ৷ এক গোপন সূত্ৰৰ পম খেদি সীমান্ত এলেকাৰ কোনো এক গোপন স্থানৰ পৰা ব্যক্তিজনক আৰক্ষীয়ে কৰায়ত্ব কৰে ৷

শিৱানী হত্যাকাণ্ডৰে জড়িত এক অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Oct 10, 2020, 8:43 AM IST

কৰিমগঞ্জ, 10 অক্টোবৰ: শিৱানী হত্যাকাণ্ডৰে জড়িত এক অভিযুক্তক গ্ৰেপ্তাৰ ৷ কৰিমগঞ্জত সংঘটিত এই হত্যাকাণ্ডৰ 10 দিন অতিক্ৰম কৰাৰ পাছত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাত সফল কৰিমগঞ্জ আৰক্ষী ৷ এক গোপন সূত্ৰৰ পম খেদি সীমান্ত এলেকাৰ কোনো এক গোপন স্থানৰ পৰা ব্যক্তিজনক আৰক্ষীয়ে কৰায়ত্ব কৰে ৷

গ্ৰেপ্তাৰ হোৱা যুৱকজন শ্যামল দেৱনাথ বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত যুৱক জনক আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ পাছত আদালতে তেওঁক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ মৃত যুৱতীগৰাকীৰ পিতৃয়ে দিয়া অভিযোগ অনুসৰি অভিযুক্ত শ্যামল দেৱনাথৰ সৈতে যুৱতীৰ আছিল এক প্ৰেমৰ সম্পৰ্ক; কিন্তু ঘটনাটো সংঘটিত হোৱাৰ কিছু দিন পূৰ্বে প্ৰেমিকৰ সৈতে কিবা কথাত যুৱতী গৰাকীৰ মত বিৰোধৰ সৃষ্টি হৈছিল ৷

উল্লেখ্য যে স্থানীয় লোকে লংগাই নদীত যুৱতী গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰিছিল ৷ প্ৰথমে মৃত যুৱতী গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাছিল যদিও পাছত কৰিমগঞ্জৰ চিকিৎসালয়ৰ মৰ্গত পৰিয়ালৰ লোকে যুৱতী গৰাকীক চিনাক্ত কৰে ৷ যুৱতী গৰাকীৰ পিতৃৰ অভিযোগ প্ৰেমিক শ্যামল দেৱনাথে যুৱতী গৰাকীৰ বিবাহৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ লগতে যুৱতী গৰাকীক তেওঁৰ জীৱনৰ পৰা আঁতৰি আহিবলৈ কৈছিল ৷ এনে কৰিবলৈ অমান্তি হোৱাৰ ফলতে যুৱতী গৰাকীক অপহৰণ কৰি নি হত্যা কৰি নদীত পেলাই দিয়াৰ অভিযোগ যুৱতীগৰাকীৰ পিতৃ শৈলেষ নমশুদ্ৰৰ ৷

লগতে পঢ়ক: কৰিমগঞ্জত জালনোট, নিচাজাতীয় টেবলেটসহ আটক এজন লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.