ETV Bharat / state

বিয়া কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী দৰা - কৰিমগঞ্জত বিয়া কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল এগৰাকী

প্ৰথমা পত্নীয়ে বিয়াত লগালে অথন্তৰ ৷ দৰাৰ সাজতেই ৰঙাঘৰ পালেগৈ প্ৰসেনজিৎ কুৰ্মী

প্ৰথমা পত্নীয়ে বিয়াত লগালে অথন্তৰ
author img

By

Published : May 13, 2019, 8:25 PM IST

কৰিমগঞ্জ, 13 মে': কৰিমগঞ্জত বিয়া কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল এজন ৷ এবছৰ পূৰ্বে এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা কাছাৰৰ চন্দ্ৰনাথপুৰৰ প্ৰসেনজিৎ কুৰ্মী নামৰ লোকজনে সকলো কথা গোপনে ৰাখি মন মেলিছিল পুনৰ বিবাহ কৰোৱাৰ ৷ বিয়াৰ মন মেলাই নহয়, কৰিমগঞ্জৰ চান্দখিৰা চাহ বাগিচাৰ এগৰাকী যুৱতীৰ সৈতে 12 মে'ত বিবাহৰ দিনো ধাৰ্য কৰিছিল প্ৰসেনজিতে ৷ কিন্তু বিয়াৰ দিনাই লাগিল অথন্তৰ ৷ প্ৰসেনজিতে দ্বিতীয় বিবাহ কৰিবলৈ লোৱা খবৰ লাভ কৰা মাত্ৰকে প্ৰথমা পত্নীয়ে কাষ চাপিল কাছাৰ জিলাৰ বিহাৰা সেৱা শক্তি ক্লাব আৰু জাৰিলতলা মহিলা সমিতিৰ। মহিলা সমিতিৰ সদস্যসকলে প্ৰসেনজিতৰ প্ৰথমা পত্নীৰ কথা মতেই ন-কইনাৰ ঘৰত উপস্থিত হৈ অভিভাৱকক জনালে প্ৰসেনজিতৰ সকলো কু-কাণ্ডৰ কথা ৷ তাৰ পাচতেই কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীক সকলো কথা অৱগত কৰি খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ দৰা সাজত অহা প্ৰসেনজিতৰ লগতে আটক কৰে প্ৰসেনজিতৰ পিতৃক ৷

প্ৰথমা পত্নীয়ে বিয়াত লগালে অথন্তৰ

উল্লেখ্য যে, প্ৰায় এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা প্ৰসেনজিতৰ প্ৰথমা পত্নী 7 মাহৰ অন্তঃসত্বা ৷ তৎসত্বেও প্ৰসেনজিতে নতুনকৈ বিয়া পাতিব বুলি ঘৰৰ পৰা উলিয়াই দিছিল পত্নীক আৰু দ্বিতীয় বিবাহৰ বাবে কইনা চাবলৈ দায়িত্ব দিছিল নাথপুৰৰ গণেশ সিং ছেত্ৰী আৰু মণ্টু ভূমিজক ৷ সেইমৰ্মে চান্দখিৰা চাহ বাগিচাৰ এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক কৰা হৈছিল প্ৰসেনজিতৰ ৷

Intro:Body:Slug.Biya patiboloi goi ronga ghoror alohi Dora.

দৰাৰ নাম প্ৰচেনজিত কুৰ্মী।ঘৰ কাছাৰ জিলাৰ চন্দ্ৰনাথপূৰত।কইনাৰ ঘৰ কৰিমগঞ্জ জিলাৰ চান্দখিৰা চা বাগিচাত।যোৱাকালি অৰ্থাৎ 12 মে তাৰিখত কৰিমগঞ্জ জিলাৰ চান্দখিৰা চা বাগিচাৰ এক যুৱতীৰ সৈতে বিয়া পতাৰ কথা আছিল প্ৰচেনজিতৰ।ইমান দিন সকলো ঠিকেই আছিল কিন্তু বিয়াৰ দিনা এখন ফোন প্ৰচেনজিতৰ বিয়াৰ সপোন ভাঙ্গি দিলে।আজিৰ পৰা এবছৰ পূৰ্বে আন এজন মহিলাৰ সৈতে বিবাহ সম্পন্ন হৈছিল প্ৰচেনজিতৰ বৰ্তমান তেওঁৰ পূৰ্বৰ পত্নী 7 মাহৰ অন্তস্বত্বা যদিও প্ৰচেনজিতে নতুনকৈ বিয়া পাতিব বুলি পত্নীক ঘৰৰ পৰা উলিয়াই দিছে।পিছে চন্দ্ৰনাথপুৰৰ গণেশ সিং ছেত্ৰী আৰু মণ্টু ভূমিজক নতুনকৈ বিয়া কৰাবলৈ দায়িত্ব দিয়ে।দায়িত্ব পাই তেওঁলোকেও কইনা বিচাৰি ফুৰে।আৰু সন্ধ্যান পায় কৰিমগঞ্জ জিলাৰ চান্দখিৰাত থকা কইনাৰ কথা ।কথা পাতি বিয়া ঠিক হয় যোৱাকালি এই খবৰ পায় প্ৰচেনজিতৰ পূৰ্বৰ পত্নীয়ে আৰু তেওঁ কাষচাপে কাছাৰ জিলাৰ বিহাৰা সেৱা শক্তি ক্লাব,জাৰিলতলা মহিলা সমিতিৰ ।তেওঁলোকে কইনাৰ অভিবাবকক সকলো ঘটনা কয় আৰু নতুন কইনাৰ ঘৰলৈ আহে ।তেতিয়া দৰাৰ সাজত আহে প্ৰচেনজিত খবৰ দিয়া হয় কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীক।আৰক্ষী গৈ আটক কৰে দ্বিতীয়বাৰ বিয়া পতাৰ সিদ্ধান্ত লোৱা দৰা প্ৰচেনজিতক।লগতে আটক কৰা হয় দৰাৰ পিতৃ শশাংক কুৰ্মীক।এতিয়া বিপাঙত পৰিছে কইনাৰ ।কি হব কইনাৰ ভৱিষ্যত।এয়া লৈ চলিছে চৰ্চা।আৰু বিয়া পতাৰ মন কৰা প্ৰচেনজিত বৰ্তমান ৰঙা ঘৰৰ আলহী।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.