ETV Bharat / state

এটা গৰুৱে বন্ধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ... - গৰু

কৰিমগঞ্জৰ নিলাম বজাৰত ৰাইজে প্ৰায় ডেৰ ঘণ্টা অৱৰোধ কৰি ৰাখিলে অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ এটা গৰুৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতি সৃষ্টি ৷

nh-8-blocked-by-local-public-for-death-of-cattle
গৰুৰ মৃত্যুক কেন্দ্ৰ কৰি বন্ধ কৰা হ’ল আঠ নং ৰাষ্ট্ৰীয় ঘাইপথ
author img

By

Published : Aug 23, 2021, 8:53 AM IST

কৰিমগঞ্জ, 23 আগষ্ট : এটা গৰুৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ নিলাম বজাৰত ৰাইজে প্ৰায় ডেৰ ঘণ্টা ধৰি অৱৰোধ কৰি ৰাখিলে অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ । অৱশেষত প্ৰশাসনে মৃত গৰুটো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰাই নিয়াৰ পিছতহে পৰিস্থিতি শান্ত হয় ৷

এই সময়চোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ উভয় প্ৰান্তত আৱদ্ধ হ’বলগীয়া হয় কেইবা শতাধিক বাহন । ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে নিশা কোনো অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হৈছিল এটা গৰুৰ । মৃত্যু হোৱা গৰুটো প্ৰশাসনে ঘাইপথৰ পৰা আঁতৰাই নিয়া নাছিল ৷ ফলত ঘণ্টাৰ পিছত ঘণ্টা ঘৰি মৃত গৰুটো এনেদৰে থাকি দুৰ্গন্ধ বিয়পাত স্থানীয় ৰাইজ অতিষ্ঠ হৈ নিলাম বজাৰ আৰক্ষীৰ কাষ চাপিছিল ।

গৰুৰ মৃত্যুক কেন্দ্ৰ কৰি বন্ধ কৰা হ’ল আঠ নং ৰাষ্ট্ৰীয় ঘাইপথ

কিন্তু, আৰক্ষীৰ পৰা সঠিক উত্তৰ নোপোৱাত উত্তেজিত ৰাইজে অসম-ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । অৱৰোধ চলি থকাৰ প্ৰায় ডেৰ ঘণ্টাৰ পিছত প্ৰশাসনে মৃত্যু ঘটা গৰুটো ৰাজপথৰ পৰা আঁতৰাই নিয়ে ৷ তাৰপিছতহে পৰিস্থিতি শাম কাটে আৰু উত্তেজিত ৰাইজ ঘৰাঘৰি যায় ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, একাংশ মালিকবিহীন গৰুৱে যধে-মধে বাটপথত বিচৰণ কৰি ফুৰাৰ ফলতে মাজে-সময়ে এনে দুৰ্ঘটনা ঘটে ৷

বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে বাৰে বাৰে প্ৰশাসনক অৱগত কৰি আহিছে যদিও প্ৰশাসনে বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । ফলত প্ৰায়ে ৰাজপথত বাহনৰ খুন্দাত মৃত্যু হয় পশুধনৰ । শনিবাৰে নিশাও একে ঘটনাৰ পুনৰাবৃত্তি হৈছিল যদিও প্ৰশাসনে মৃত্যু হোৱা গৰুটো ৰাজপথৰ পৰা আঁতৰাই নিয়াৰ পদক্ষেপ হাতত নোলোৱাৰ ফলত উত্তেজিত হৈ ৰাইজে 8 নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰে ৷

লগতে পঢ়ক : ধিঙত গুলীয়াগুলি : আহত 8 জন লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.