ETV Bharat / state

আৰক্ষীৰ জালত পিতৃ হত্যাকাৰী ৰামিজ উদ্দিন

author img

By

Published : Apr 26, 2021, 10:58 AM IST

আৰক্ষীৰ জালত পৰিল পিতৃ হত্যাকাৰী এগৰাকী ব্যক্তি ৷ পিতৃক দাৰে ঘপিয়াই কিছুদিন পূৰ্বে হত্যা কৰি পলিথিনৰ বেগত ভৰাই হাবিৰ মাজলৈ দলিয়াই দিছিল পুত্ৰই ৷ দেওবাৰে আৰক্ষীয়ে হত্যাকাৰী হিচাপে চিনাক্ত কৰে ফাৰুক হুছেইনৰ 19 বছৰীয়া পুত্ৰ ৰামিজ উদ্দিনক ৷

আৰক্ষীৰ জালত ঘাতক ৰূপী পুত্ৰ ৰামিজ উদ্দিন

কৰিমগঞ্জ,26 এপ্ৰিল: আৰক্ষীৰ জালত পৰিল পিতৃ হত্যাকাৰী এগৰাকী ব্যক্তি ৷ পিতৃক দাৰে ঘপিয়াই কিছুদিন পূৰ্বে হত্যা কৰি পলিথিনৰ বেগত ভৰাই হাবিৰ মাজলৈ দলিয়াই দিছিল পুত্ৰই ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিগত 16 এপ্ৰিলত পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ডেফলালা গাঁৱৰ এখন হাবিৰ মাজত একাংশ স্থানীয় লোকে পলিথিনৰ পেকেটত মেৰিয়াই থোৱা অৱস্থাত পচি যোৱা এটা মৃতদেহ প্ৰত্যক্ষ কৰে ৷ লগে লগে পাথাৰকান্দি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ স্থানীয় লোকে মৃতদেহটো ফাৰুক হুছেইন নামৰ এগৰাকী পঞ্চাশ বছৰীয়া ব্যক্তিৰ বুলি চিনাক্ত কৰে ৷ আৰক্ষীৰ তদন্তত মৃতদেহটো চাৰি-পাঁচদিন পূৰ্বে এই স্থানত পেলাই দিয়া হৈছিল বুলি জানিব পৰা হৈছে ।

আৰক্ষীৰ জালত ঘাতক ৰূপী পুত্ৰ ৰামিজ উদ্দিন
আৰক্ষীৰ জালত পিতৃ হত্যাকাৰী ৰামিজ উদ্দিন

অৱশেষত এই ঘটনাৰ তদন্তৰ অন্তত দেওবাৰে আৰক্ষীয়ে হত্যাকাৰী হিচাপে চিনাক্ত কৰে ফাৰুক হুছেইনৰ 19 বছৰীয়া পুত্ৰ ৰামিজ উদ্দিনক । আনহাতে, ৰামিজ উদ্দিনেও স্বীকাৰ কৰে পিতৃ হত্যাৰ কথা । উল্লেখ্য যে, পিতা-পুত্ৰৰ মাজত হোৱাৰ সংঘাতৰ ফলতেই পুত্ৰই সংঘটিত কৰিছিল এই হত্যাকাণ্ড । সম্প্ৰতি পাথাৰকান্দি আৰক্ষীৰ জিম্মাত আছে ৰামিজ উদ্দিন।

লগতে পঢ়ক: ৰঙাপৰাত ডাইনীৰ সন্দেহত হত্যা কৰি পুতি থ’লে মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.