কৰিমগঞ্জ, জুলাই 13 :এইবাৰ বিয়াৰ বেণ্ড পাৰ্টীত বাদ্যযন্ত্ৰীৰ ৰূপত এজন বিধায়ক আৰু এজন সাংসদ ৷ কৰিমগঞ্জত শুকুৰবাৰে নিশা এগৰাকী বিজেপি কৰ্মীৰ ভগ্নীৰ বিয়াত এইদৰে বেণ্ড বজাই নাচি-বাগি মনোৰঞ্জন কৰা দেখা গ'ল কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক ৷ বিধায়ক কৃষ্ণেন্দু পালে ঢোল বজাবলৈ লৈ বজাব নোৱাৰি দিলে আন এজনক। পিছে সাংসদ কৃপানাথ মাল্লাই দেখুৱাই দিলে নিজৰ প্ৰতিভা। এবাৰ যদি ঢোল বজাই সকলোকে নাচিবলৈ বাধ্য কৰাইছে,তেন্তে আন এবাৰ বজাইছে আকৌ আন বেলেগ বাদ্য যন্ত্ৰ। বিধায়ক আৰু সাংসদৰ এই ভিডিও চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচত সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ জনসাধাৰণ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থকাৰ সময়তে জনপ্ৰতিনিধি নাচি বাগি ব্যস্ত হৈ থকাক লৈ সমালোচনাও কৰিছে বিভিন্নজনে ।
এখন বিয়া আৰু সাংসদ-বিধায়কৰ বেণ্ড পাৰ্টী - কৃষ্ণেন্দু পাল
বেণ্ড পাৰ্টীত বাদ্যযন্ত্ৰীৰ ৰূপত এজন বিধায়ক আৰু এজন সাংসদ ৷ নাচি-বাগি মনোৰঞ্জন কৰা দেখা গ'ল কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক ৷
কৰিমগঞ্জ, জুলাই 13 :এইবাৰ বিয়াৰ বেণ্ড পাৰ্টীত বাদ্যযন্ত্ৰীৰ ৰূপত এজন বিধায়ক আৰু এজন সাংসদ ৷ কৰিমগঞ্জত শুকুৰবাৰে নিশা এগৰাকী বিজেপি কৰ্মীৰ ভগ্নীৰ বিয়াত এইদৰে বেণ্ড বজাই নাচি-বাগি মনোৰঞ্জন কৰা দেখা গ'ল কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক ৷ বিধায়ক কৃষ্ণেন্দু পালে ঢোল বজাবলৈ লৈ বজাব নোৱাৰি দিলে আন এজনক। পিছে সাংসদ কৃপানাথ মাল্লাই দেখুৱাই দিলে নিজৰ প্ৰতিভা। এবাৰ যদি ঢোল বজাই সকলোকে নাচিবলৈ বাধ্য কৰাইছে,তেন্তে আন এবাৰ বজাইছে আকৌ আন বেলেগ বাদ্য যন্ত্ৰ। বিধায়ক আৰু সাংসদৰ এই ভিডিও চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচত সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ জনসাধাৰণ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থকাৰ সময়তে জনপ্ৰতিনিধি নাচি বাগি ব্যস্ত হৈ থকাক লৈ সমালোচনাও কৰিছে বিভিন্নজনে ।
এইবাৰ ব্যান্ড পাৰ্টি ৰূপত উপনীত হৈছে দুগৰাকী জনপ্ৰতিনিধি । বিয়াঘৰত মাজনিশা নৃত্য আৰু বাদ্যশিল্পী ৰূপতে আনক মনোৰঞ্জন প্ৰদান কৰিলে এগৰাকী বিধায়ক আৰু এজন সাংসদে ......
পিছে কত আৰু কোন সাংসদ আৰু বিধায়কে দেখুৱালে এনে ৰূপ .......
কৰিমগঞ্জত যোৱা নিশা আছিল এগৰাকী বিজেপি কৰ্মীৰ ভন্টিৰ বিয়া । আৰু এই বিয়াত উপস্থিত আছিল কৰিমগঞ্জ বিজেপিৰ দলীয় নেতা কৰ্মী সকল । এখন অভিযাত হোটেলত বিয়া শেষ হৈ বৰযাত্ৰী সকল উলাই গল । আৰু ইয়াৰ পিছতেই ৰূপ সলনি হল বিয়াঘৰৰ । কিওনো এতিয়া ব্যান্ড পাৰ্টিৰ দায়িত্ব লৈছে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু তেওঁৰ লগত যথাসাধ্য সঙ্গ দিছে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে । বিধায়ক কৃষ্ণেন্দু পালে এবাৰ ঢোল এটা বজাই আকৌ বজাব নোৱাৰে । দিলে আন এজনক । পিছে সাংসদ কৃপানাথ মাল্লাই দেখুৱাই দিলে নিজৰ প্ৰতিভা । এবাৰ যদি ঢোল বজাই সকলোকে নাচিবলৈ বাধ্য কৰাইছে তেন্তে আন এবাৰ বজাইছে আকৌ আন কোনোবা বাদ্য যন্ত্ৰ । বিধায়ক আৰু সাংসদৰ এনে ভিডিও ছছিয়েল মিডিয়া ত আপলোড হোৱাৰ পিছত কোনোবাই যদি বঢ়িয়া বুলি কৈছে তেন্তে আন কোনোবাই আকৌ সমালোচনা কৰি কৈছে, জনসাধাৰণ জৰ্জৰিত বিভিন্ন সমস্যাত আৰু জনপ্ৰতিনিধি ব্যস্ত হৈছে নাচি বাগি ফুৰাত । যিয়েই যি নকওঁক কিও । আমাৰ জনপ্ৰনিথি সকলে আন একো কৰিব নোৱাৰিলেও মনোৰঞ্জন ঠিকেই দি গৈছে ......Conclusion: