কৰিমগঞ্জ, 23 জুন : কৰিমগঞ্জত জ্বলিল চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংৰ প্ৰতিকৃতি ৷ কৰিমগঞ্জৰ জিলা কংগ্রেছৰ কার্যালয়ৰ সম্মুখত চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ একাংশ নেতা-সদস্যই ৷ কিন্তু প্ৰতিবাদৰ নামত সামাজিক দূৰত্বৰ সকলো নীতি নিয়ম ভৰিৰে মোহাৰিলে এইসকল কংগ্ৰেছীয়ে নেতা-কৰ্মীয়ে ৷
উল্লেখ্য যে, যোৱা 15 জুনত লাডাখৰ গালৱানৰ চীন-ভাৰত সীমান্তত চীনা সেনাই ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ পাচত চীনৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে । কৰিমগঞ্জতো দেখিবলৈ পোৱা গ'ল চীনৰ বিৰুদ্ধে প্ৰতিবাদ । এই প্ৰতিবাদৰ অংশ হিচাপে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থসহ জিলা কংগ্রেছৰ কৰ্মকৰ্তাসকলে চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি দাহ কৰে ৷ কিন্তু এই কাৰ্যসূচী পালন কৰিবলৈ আহি খোদ বিধায়কেই উলংঘা কৰিলে সামাজিক দূৰত্বৰ নিয়ম ৷
বৰ্তমান সময় অসমত দ্ৰুত হাৰত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত সামাজক দূৰত্ব তথা সাৱধানতা অতি জৰুৰী হৈ পৰিছে ৷ কিন্তু প্ৰতিবাদৰবাদৰ নামত এইদৰে এগৰাকী বিধায়কে নীতি-নিয়মক জলাঞ্জলি দিয়াতো মুঠেই সমীচিন নহয় ৷ যি সময়ত জনপ্ৰতিনিধি সকলে ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাতো জৰুৰী আছিল সেই সময়তেই এনেদৰে এজন জনপ্ৰতিনিধিয়ে নিজেই নিয়ম ভাঙি ৰাইজক যেন সুৰুঙা দেখুৱাই দিছে ৷
লগতে পঢ়ক : যোগগুৰু ৰামদেৱে মুকলি কৰিলে কৰ'ণাৰ আয়ুৰ্বেদিক টেবলেট 'কোৰোনিল'