কৰিমগঞ্জ,17 ফেব্ৰুৱাৰীঃ সোমবাৰে নিশা কৰিমগঞ্জৰ চৰ বাজাৰত সংঘটিত অগ্নিকাণ্ডত সৰ্বস্ব হেৰুওৱা পৰিয়ালৰ কাষত মঙলবাৰে উপস্থিত হয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ বিধায়কগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগীসকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আৰ্থিক সাহায্য বিতৰণ কৰে ৷ তদুপৰি পৰিয়ালসমূহলৈ চৰকাৰী সাহায্য প্ৰদানৰো আশ্বাস প্ৰদান কৰে ৷
![অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ কাষত বিধায়ক কমলাক্ষ দে পুৰকায়স্থ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10036_16022021205258_1602f_1613488978_484.jpg)
উল্লেখ্য যে, সোমবাৰে নিশা সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত সজল দাস আৰু শিপ্ৰা দাস নামৰ দুগৰাকী ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাই যায় ৷
![অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ কাষত বিধায়ক কমলাক্ষ দে পুৰকায়স্থ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10036_16022021205258_1602f_1613488978_531.jpg)
লগতে পঢ়কঃ হোজাইত লাভ জেহাদীৰ কৱলৰ পৰা উদ্ধাৰ জনজাতীয় যুৱতী