কৰিমগঞ্জ, 28 নৱেম্বৰঃ অসম বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ চূড়ান্ত পৰীক্ষাত বাংলা বিভাগৰ পৰা প্ৰথম স্থান লাভ কৰা পূর্বা শীল নামৰ ছাত্ৰী গৰাকীক শনিবাৰে সম্বৰ্ধনা জনাৱো হয় ৷ সম্বৰ্ধনা জনাই পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে ৷
বিধায়ক কৃষ্ণেন্দু পালে ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিতহৈ সম্বৰ্ধনা জনোৱা লগতে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে । উলেখ্য যে, সদ্যঘোষিত স্নাতক পৰ্যায়ৰ চূড়ান্ত পৰীক্ষাত বাংলা বিভাগত বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অৰ্জন কৰাৰ লগতে স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হয় পূর্বা শীলে ৷ পূর্বা শীলে সৰ্বমুঠ নম্বৰ লাভ কৰে 670 ৷
লগতে পঢ়কঃ সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ বৈঠক