কৰিমগঞ্জ , 11 এপ্ৰিল : দক্ষিণ কৰিমগঞ্জত বুধবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰস্থিতিৰ ৷ কোনো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় কংগ্ৰেছ নেতা আৰু তেওঁৰ পুত্ৰ ৷
অভিযোগ অনুসৰি কোনো দুষ্কৃতিকাৰীয়ে কংগ্ৰেছ নেতা তথা আঞ্চলিক পঞ্চায়তৰ সদস্য সমুৰ উদ্দিন আৰু তেওঁৰ পুত্ৰ মচতাক উদ্দিনৰ গাড়ী খন ঘেৰাও কৰি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে ৷ লগতে দুষ্কৃতিকাৰীৰ দলটোৱে কংগ্ৰেছ নেতাজনৰ বাহনখন ভাঙি চুৰমাৰ কৰে বুলিও অভিযোগ দিয়ে স্থানীয় ৰাইজৰ ৷ আহত লোক কেইজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱা হয় ৷ পৰৱৰ্তী সময়ত নিলামবাজাৰ আৰক্ষীয়ে ঘটনাস্থলীত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷