ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ কৰিমগঞ্জত উপস্থিত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য - Minister Parimal Suklabaidya observed covid situation in Karimganj

ক'ভিডৰ শেহতীয়া পৰিস্থিতিৰ বুজ লবলৈ জিলা উপায়ুক্তৰ সভা কক্ষত বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷ বিভিন্ন চৰকাৰী আমোলা বিষয়া আৰু জিলাৰ সাংসদ আৰু বিধায়ক সকল উপস্থিত হয় এই বৈঠকত । ক'ভিডৰ সৈতে যুঁজাৰ বাবে এই মুহুৰ্তলৈকে কৰিমগঞ্জ জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ আছে বুলি মন্তব্য কৰিছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

minister-parimal-suklabaidya-observed-covid-situation-in-karimganj
ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ কৰিমগঞ্জত উপস্থিত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য
author img

By

Published : May 15, 2021, 10:38 PM IST

কৰিমগঞ্জ,15 মে': ৰাজ্যত অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ সমান্তৰালকৈ ক'ভিডক প্ৰতিহত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ তৎপৰতা ৷ ইয়াৰ মাজতে শনিবাৰে ক’ভিডৰ পৰিস্থিত নিৰীক্ষণ কৰিবলৈ কৰিমগঞ্জত উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ পৰিস্থিতিৰ বুজ লবলৈ জিলা উপায়ুক্তৰ সভা কক্ষত বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷ বিভিন্ন চৰকাৰী আমোলা বিষয়া আৰু জিলাৰ সাংসদ আৰু বিধায়ক সকল উপস্থিত থাকে এই বৈঠকত । কৰিমগঞ্জৰ ক'ভিড পৰিস্থিতিৰ ওপৰত দীৰ্ঘসময় আলোচনা কৰা হয় এই সভাত ৷

ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ কৰিমগঞ্জত উপস্থিত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য

উল্লেখযোগ্য, দ্বিতীয় বাৰৰ বাবে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত শনিবাৰে প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বৰাক উপত্যকাৰ ক'ভিড পৰিস্থিতিৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক । শনিবাৰৰ দিনটোত বৰাক উপত্যকাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ লগতে কাছাৰ জিলাতো ক'ভিড পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে মন্ত্ৰী গৰাকীয়ে । তিনিওখন জিলাৰে আমোলা বিষয়াৰ সৈতে ক'ভিড পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । ক'ভিডৰ সৈতে যুঁজাৰ বাবে এই মুহুৰ্তলৈকে কৰিমগঞ্জ জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ আছে বুলি মন্তব্য কৰিছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

লগতে পঢ়কঃ মৰিয়নী ৰেলৱে জংচনত উপস্থিত ক'ভিড কেয়াৰ ৰেল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.