ETV Bharat / state

অসম-মিজোৰাম প্ৰশাসনৰ বৈঠক - অসম মিজোৰাম প্ৰশাসনৰ বৈঠক

অসমৰ ভূমিত মিজোৰ আগ্ৰাসন দীৰ্ঘদিনীয়া এক সমস্যা ৷ এই সমস্যা দুৰ কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ বিষয়-ববীয়াসকল মিলিত হয় এক বৈঠকত ৷

meeting between assam mizoram administration karimganj assam etv bharat news
অসম মিজোৰাম প্ৰশাসনৰ বৈঠক
author img

By

Published : Oct 15, 2020, 1:52 PM IST

কৰিমগঞ্জ,15 অক্টোবৰ: অসমৰ ভূমিত মিজোৰ আগ্রাসন সন্দর্ভত বুধবাৰে অসম আৰু মিজোৰাম প্রশাসনৰ মাজত অনুষ্ঠিত হয় এক বৈঠক ৷ বিষয় সন্দর্ভত বৈঠকখনত মিলিত হয় কৰিমগঞ্জ জিলা প্রশাসন আৰু মিজোৰামৰ মামিট জিলা প্রশাসন । অসম-মিজোৰাম সীমান্তৰ কানমুনত অনুষ্ঠিত হয় এই বৈঠক ৷ দুয়োখন জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে উক্ত আগ্ৰাসন সন্দৰ্ভত আলোচনা কৰে । কৰিমগঞ্জ প্ৰশাসনৰ তৰফৰ পৰা ৰাতাবাৰী সমষ্টিৰ সিংলা সংৰক্ষিত বনাঞ্চলত মিজোৰ আগ্ৰাসন সন্দৰ্ভত তথ্য প্ৰকাশ কৰে কৰিমগঞ্জৰ উপায়ুক্ত এম আম্বামুথুনে । কিন্তু উপায়ুক্তগৰাকীৰ এই অভিযোগ একেমুখে নসাৎ কৰে মিজোৰাম প্ৰশাসনে ৷ মুঠৰ ওপৰত এই আলোচনা বিফল হোৱা দেখা যায় ৷

লগতে চাওকঃ ডিগবৈত বন্যহস্তীয়ে গচকি প্ৰাণ ল’লে অইলৰ কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.