কৰিমগঞ্জ, 8 ডিচেম্বৰ : কৰিমগঞ্জ জিলাৰ বিভিন্ন প্ৰান্তত মঙলবাৰে ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিত প্ৰায় সমূহ ব্যৱসায়ীক প্ৰতিষ্ঠান খুলি ৰখা হৈছে ৷ কেৱল মাত্ৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত আছিমগঞ্জত MSF নামৰ ছাত্ৰ সংগঠনে অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ।
আনহাতে, দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰতো দুপৰীয়া ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই কৃষি আইন বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক : ৰাজ্যত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ