ETV Bharat / state

বাংলাদেশৰ পৰা 124 জন লোক সুতাৰকান্দী স্থ‘ল শুল্ক বন্দৰত উপস্থিত - ভাৰত চৰকাৰৰ

বাংলাদেশত আবদ্ধ হৈ থকা 100 জন অসমৰ আৰু মণিপুৰৰ 24 জন লোকক ভাৰত চৰকাৰৰ তৎপৰতাত অসমলৈ প্ৰেৰণ কৰা হয় বৃহস্পতিবাৰে ৷

many people return from india and bangladesh
বাংলাদেশৰ পৰা 124 জন লোক সুতাৰকান্দী স্থল শুল্ক বন্দৰত উপস্থিত
author img

By

Published : May 28, 2020, 5:38 PM IST

কৰিমগঞ্জ,28মেঃ কোভিড-১৯ ৰ বাবে সমগ্ৰ বিশ্বজুৰি চলিছে লক ডাউন আৰু এই লক ডাউনৰ সময়ছোৱাত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আবদ্ধ হৈ আছিল উত্তৰ পূৰ্বাঞ্চলৰ বহু লোক। এই লোকসকলক নিজ দেশলৈ অনাৰ বাবে ভাৰত চৰকাৰৰ ফালৰপৰা বাংলাদেশৰ চৰকাৰৰ সৈতে যোগাযোগ কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বৃহস্পতিবাৰে চৰকাৰী নীতি নিয়মৰ মাধ্যমেৰে কৰিমগঞ্জ জিলাৰ সুতাৰকান্দী স্থল শুল্ক বন্দৰ দি অনা হয়।

বাংলাদেশৰ পৰা 124 জন লোক সুতাৰকান্দী স্থল শুল্ক বন্দৰত উপস্থিত

এই সকলৰ ভিতৰত সৰহ সংখ্যক হল ছাত্ৰ ইয়াৰোপৰি আছে পৰ্যটক আৰু ব্যৱসায়ী। অসমৰ বিভিন্ন জিলাৰ ১০০ গৰাকী আৰু মণিপুৰৰ ২৪ গৰাকী লোক আছিল । বৃহস্পতিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দী সীমান্ত স্থল শুল্ক বন্দৰ দি ১২৪ গৰাকী লোক আহি উপস্থিত হয়। বাংলাদেশ চৰকাৰৰ উচ্চ প্ৰদস্থ বিষয়া সকলে কৰিমগঞ্জ জিলাৰ প্ৰশাসনৰ ফালৰ পৰা উপায়ুক্ত ৰঞ্জিত কুমাৰ লষ্কৰ, আৰক্ষীৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু সীমান্ত সুৰক্ষা বাহিনীৰ উপ অধীনায়ক সুশীল কুমাৰ উপাধ্যায় সহ উচ্চ পদস্থ বিষয়ববীয়াৰ হাতত অৰ্পন কৰে।

ইপিনে ভাৰতত পৰ্যটনৰ বাবে অহা লোক সকল ও ভাৰতত আহি লক ডাউনৰ বাবে আবদ্ধ হৈ পৰিছিল। এই লোক সকলকো বৃহস্পতিবাৰে বাংলাদেশ চৰকাৰৰ বিষয়ববীয়াৰ হাতত ১৩ গৰাকীক লোক চমজাই দিয়া হয়। জানিব পৰা মতে বাংলাদেশৰ পৰা অহা লোক সকলৰ ভিতৰত কৰিমগঞ্জৰ ৭ গৰাকী আৰু বাকী সকল হল কাছাৰ, মৰিগাঁও আৰু নগাঁও শোণিতপুৰ জিলাৰ।তাৰ বাহিৰে ২৪গৰাকী মনিপুৰৰ লোক আছিল। প্ৰায় দুই মাহ পিছত সকলো দেশৰ নাগৰিকে নিজ দেশলৈ উভতি আহিব পাৰি আনন্দিত হৈ পৰিছে ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত পুনৰ 3 জনৰ দেহত কৰ’ণা পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.