ETV Bharat / state

কংগ্ৰেছ চৰকাৰ আহিলে মাদ্ৰাছা আৰু টোলসমূহ খুলি দিয়া হ'বঃ ছিদ্দিক আহমেদ - দক্ষিণ কৰিমগঞ্জ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ৷ মাদ্ৰাছা বন্ধ কৰা সন্দৰ্ভত সংবাদমেল আয়োজন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

madrasa-and-toll-to-be-opened-by-congress-government-siddique-ahmed
কংগ্ৰেছ চৰকাৰ আহিলে মাদ্ৰাছা আৰু টোলসমূহ খুলি দিয়া হ'বঃ ছিদ্দিক আহমেদ
author img

By

Published : Dec 15, 2020, 6:36 PM IST

কৰিমগঞ্জ, 15 ডিচেম্বৰ : সোমবাৰে দিছপুৰ জনতা ভৱনৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 বৰ্ষৰ পিচৰ পৰা ৰাজ্যিক মাদ্ৰাছা ব'ৰ্ড বন্ধ কৰি দিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৷ মঙলবাৰে দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰত এক সংবাদমেল আয়োজন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেতা গৰাকীয়ে ৷

ছিদ্দিক আহমেদৰ মন্তব্য

সংবাদমেলত তেওঁ জনাই যে, ইছলামক লক্ষ্য় কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মাদ্ৰাছাত কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহয় ৷ ধৰ্মৰ সমান্তৰালভাৱে সাধাৰণ শিক্ষাও প্ৰদান কৰা হয় বুলি মন্তব্য প্ৰদান কৰে ৷

আনহাতে, প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে আগন্তক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে পুনৰ মাদ্ৰাছা আৰু টোলসমূহ আৰম্ভ কৰা হ'ব বুলি মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : গীত গাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰঞ্জিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.