ETV Bharat / state

ভাং বিচাৰি মন্দিৰৰ গ্ৰীল ভাঙিলে চোৰে

author img

By

Published : Jul 14, 2020, 12:12 PM IST

Updated : Jul 14, 2020, 12:53 PM IST

কৰিমগঞ্জৰ ভিন্ন অঞ্চলত প্ৰায় ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে চুৰি-ডকাইতিৰ দৰে অপৰাধজনিত ঘটনাসমূহ ৷ সোমবাৰে নিশা ৰাতাবাৰী অঞ্চলৰ এক মন্দিৰত সংঘটিত হয় চুৰিৰ ঘটনা ৷ কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে সোমবাৰে নিশা চামেলা সন্য়াসী মন্দিৰত তাণ্ডৱ চলাই ভাঙি পেলালে মন্দিৰৰ বিগ্ৰহ ৷

loot from temple in karimganj assam etv bharat news
চুৰিকাৰ্য বৃদ্ধি

কৰিমগঞ্জ,14 জুলাই: কৰিমগঞ্জ জিলাত দিনকদিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্য ৷ জিলাখনৰ ভিন্ন অঞ্চলত প্ৰায় ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে চুৰি-ডকাইতিৰ দৰে অপৰাধমূলক কাৰ্যসমূহ ৷ সোমবাৰে নিশা ৰাতাবাৰী অঞ্চলৰ এক মন্দিৰত সংঘটিত হৈছে চুৰি কাৰ্য ৷ কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে সোমবাৰে নিশা চামেলা সন্য়াসী মন্দিৰত তাণ্ডৱ চলাই ভাঙি পেলাই মন্দিৰৰ বিগ্ৰহ ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

দুষ্কৃতিকাৰীয়ে মন্দিৰটোৰ গ্ৰীলৰ তলা ভাঙি বিগ্ৰহ চূৰমাৰ কৰাৰ লগতে অন্যান্য সামগ্ৰীসমূহ জংঘলত পেলাই দিয়ে ৷ প্ৰায় তিনিশ বছৰীয়া পুৰণি ঐতিহ্যমণ্ডিত মন্দিৰটোত সংঘটিত এই ঘটনা সম্পৰ্কে মঙলবাৰে দিনৰ ভাগত পোহৰলৈ আহে ৷ ইফালে উক্ত ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ৰামকৃষ্ণনগৰ আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ মঙলবাৰে নিশা সমষ্টিটোৰ বিধায়ক লক্ষণ মালাকাৰৰ লগতে জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই মন্দিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

চুৰিকাৰ্য বৃদ্ধি

উল্লেখ্য় যে, অস্বাভাৱিকভাৱে অঞ্চলটোত বিগত কিছুদিনৰ পৰা বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক কাৰ্যকলাপ ৷ দুষ্কৃতিকাৰীয়ে মন্দিৰটোৰ পৰা ভাং চুৰি কৰা বুলি পিছত পোহৰলৈ আহিছে ৷ তিনি-চাৰিদিন পূৰ্বে উত্তৰ কৰিমগঞ্জৰ লংগাই শিৱ মন্দিৰত সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি এয়া কোনো নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত লোকৰ কাৰ্য বুলি আৰক্ষীৰ লগতে স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে চাওকঃ ৰাজ্যৰ পুনৰ 1001 গৰাকী আক্ৰান্ত কোভিড-19 ত

Last Updated : Jul 14, 2020, 12:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.