ETV Bharat / state

কাৰ আশীৰ্বাদত নথি-পত্ৰ নোহোৱাকৈ কৰিমগঞ্জ চহৰৰ মাজেৰে পাৰ হৈ যায় শিল ভৰ্তি ট্ৰাক ! - Karimganj Police

কৰিমগঞ্জত সংঘটিত হৈছে শিল কেলেংকাৰীৰ ঘটনা ৷ প্ৰতিদিনে আৰক্ষীৰ চকুত ধূলি মাৰি শতাধিক শিল পৰিবাহী ট্ৰাক অসমৰ পৰা চুবুৰীয়া ৰাজ্য় ত্ৰিপুৰালৈ যায় ৷ কোনো উপযুক্ত নথিপত্ৰবিহীনভাৱে পাৰ হোৱা ট্ৰাকসমূহে দৈনিক কঢ়িয়াই নিয়ে অতিৰিক্ত ভৰ ৷ তালাচী চকীসমূহত উৎকোচ দি ট্ৰাকসমূহে যাতায়ত অব্যাহত ৰাখে বাবে কোনো অভিযানকাৰী আৰক্ষীৰ দলে কৰায়ত্ত নকৰে অতিৰিক্ত ভৰ কঢ়িয়াই অনা উক্ত ট্ৰাকসমূহক ৷

lime stone scam news karimganj assam etv bharat news
শিল কেলেংকাৰী
author img

By

Published : Jul 26, 2020, 1:30 PM IST

Updated : Aug 18, 2020, 4:31 PM IST

কৰিমগঞ্জ,26 জুলাই: এটাৰ পিছত আনটো কেলেংকাৰীৰ ঘটনাই জোকাৰি গৈছে বৰাক উপত্যকাক ৷ উপত্যকাটোৰ কৰিমগঞ্জত কয়লা কেলেংকাৰীৰ ঘটনাৰ চৰ্চা মাৰ নৌযাওতে পুনৰ সংঘটিত হৈছে শিল কেলেংকাৰীৰ ঘটনা ৷ তথ্য অনুসৰি, প্ৰতিদিনে আৰক্ষীৰ চকুত ধূলি মাৰি শতাধিক শিল পৰিবাহী ট্ৰাক অসমৰ পৰা চুবুৰীয়া ৰাজ্য় ত্ৰিপুৰালৈ যায় ৷ উপযুক্ত কোনো নথিপত্ৰ বিহীনভাৱে পাৰ হোৱা ট্ৰাকসমূহে কঢ়িয়াই নিয়ে অতিৰিক্ত ভৰ ৷ লগতে তালাচী চকীসমূহত অতিৰিক্ত ধন ভৰি ট্ৰাকসমূহ আহে বাবে কোনো অভিযানকাৰী আৰক্ষীৰ দলে কৰায়ত্ত নকৰে অতিৰিক্ত ভৰ কঢ়িয়াই অনা উক্ত ট্ৰাকসমূহক ৷ এই কথা সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ প্ৰকাশ কৰিছে ট্ৰাক চালকে ৷

বাহন চালকৰ স্পষ্ট মন্তব্য

সম্প্ৰতি এই সমগ্ৰ ঘটনা এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ কিয়নো এইক্ষেত্ৰত বন বিভাগৰ পৰিৱৰ্তে খনিজ সম্পদ বিভাগৰ দায়িত্ব অধিক ৷ এই শিলসমূহ মেঘালয়ৰ লুমচুলুঙৰ পৰা কঢ়িয়াই আনি কৰিমগঞ্জৰ মাজেৰে ত্ৰিপুৰালৈ পঠোৱা হয় ৷ বিগত এবছৰে চলাচল এনেদৰে অব্যাহত থকা ট্ৰাকসমূহৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই চকু মুদা কুলিৰ ভাও ধৰি অহা দেখা গৈছে ৷ সম্প্ৰতি কৰিমগঞ্জত কোনো ধৰণৰ খনিজ সম্পদ বিভাগ নথকা হেতুকে এই দায়িত্ব পালন কৰি আহিছে বন বিভাগে ৷ আনহাতে, অতিৰিক্ত ভাৰ কঢ়িওৱা বাহনসমূহৰ ক্ষেত্ৰত যিকোনো পদক্ষেপ গ্ৰহণ কৰিব পাৰে পৰিবহণ বিভাগৰ লগতে স্থানীয় আৰক্ষীয়ে ৷ ইয়াৰোপৰি নিয়ম অনুসৰি জিএছটি তথা কৰ বিভাগে পৰীক্ষা কৰিব লাগে বাহনসমূহৰ কৰ আদায়ৰ তথ্য ৷ কিন্তু ৰহস্যজনকভাৱে এইক্ষেত্ৰত জিলাখনত কোনো এটা বিভাগৰে অস্তিত্বৰ উমান পোৱা পৰিলক্ষিত নহ’ল ৷

স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ

সমগ্ৰ বিষয় সন্দৰ্ভত সংবাদ মাধ্যমে চলোৱা এক অনুসন্ধানত কৰিমগঞ্জৰ পৰা পাথাৰকান্দি অভিমুখে গৈ থকা শিল ভৰ্তি ট্ৰাকৰ এক দৃশ্য বন্দী হয় কেমেৰাত ৷ চহৰখনৰ বাইপাছৰ সমীপৰ পেটেল নগৰ অঞ্চলত প্ৰায় ২০টনৰো অধিক শিল কঢ়িয়াই নিয়াৰ ফলত এখন ডাম্পাৰৰ পিছফালৰ দুয়োটা চকা ফুটি বিপদত পৰে চালকগৰাকী ৷ বাহনখনত অৱশেষত আবদ্ধ হৈ পৰে 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ৷ উক্ত ডাম্পাৰখন মেঘালয়ৰ লুমচুলুঙৰ পৰা অসম-ত্ৰিপুৰাৰ সীমান্তৱৰ্তী অঞ্চল চুড়াইবাড়ি অভিমুখে গৈ আছিল । উক্ত ডাম্পাৰখনৰ চালকৰ হাতত শিল কঢ়িওৱা কোনো উপযুক্ত নথিপত্ৰৰ সলনি মেঘালয়ৰ বন বিভাগৰ কিছু ছীল আৰু স্বাক্ষৰ সম্বলিত নথিপত্ৰ লাভ কৰা গৈছে ৷ উক্ত নথিপত্ৰত খনিজ সম্পদ বিভাগৰ এটা ছীল থকা দেখা যায় যদিও তাত নাছিল কোনো বিভাগীয় বিষয়াৰ স্বাক্ষৰ ৷ লগতে চুবুৰীয়া ৰাজ্য় মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা ডাম্পাৰখনৰ লগত থকা নথিপত্ৰত নাছিল জিএছটি অথবা বন বিভাগৰ কোনো স্বাক্ষৰ বা ছীল-মোহৰ ৷ সেয়ে ডাম্পাৰ চালকৰ হাতত থকা নথিসমূহৰ বৈধতা একপ্ৰকাৰ সন্দেহজনক বুলি প্ৰশ্ন উত্থাপন হৈছে ৷ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ লগতে আৰক্ষীয়েও মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ কিন্তু সংবাদ মাধ্যমৰ হেঁচাত অৱশেষত কৰিমগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বাহনখনৰ কোনো বৈধ নথিপত্ৰ নথকাতো স্বীকাৰ কৰে যদিও অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ৷

নীৰৱ কৰিমগঞ্জ আৰক্ষী

আনহাতে,বিষয়টো সন্দৰ্ভত জিলা পৰিবহণ বিষয়াগৰাকীয়েও গা এৰা মন্তব্য প্ৰদান কৰে ৷ কৰ’ণা ভাইৰাছক কেন্দ্ৰ কৰি সমগ্ৰ প্ৰশাসন ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত এই বাহনসমূহক নাকী লগাব নোৱাৰাৰ কথা প্ৰকাশ কৰি বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰে বিষয়াগৰাকীয়ে ৷ এই সমগ্ৰ বিষয়টোক লৈ যথেষ্ঠ উদ্বিগ্নতা প্ৰকাশ কৰে জিলাখনৰ সচেতন মহলে ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই কাৰ স্বাৰ্থত এই অবৈধভাৱে অতিৰিক্ত ভাৰ বহনেৰে শিল কঢ়িয়াই অনা বাহনসমূহক কিয় নাকী লগাব পৰা নাই সেয়া ৰহস্যৰ আৱৰ্তত ৷

জিলা পৰিবহণ বিষয়াৰ দায়সৰা মন্তব্য

লগতে চাওকঃ কাৰ্গিল বিজয় দিৱস : পুত্ৰক হেৰুওৱাৰ দুখ আছে যদিও তেওঁৰ বীৰত্বত আজিও আমি সুখী

Last Updated : Aug 18, 2020, 4:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.