ETV Bharat / state

কৰিমগঞ্জত ভূমিস্খলন: নিহত 6, আহত 10

author img

By

Published : Jun 2, 2020, 4:17 PM IST

কৰিমগঞ্জত ভূমিস্খলন ঘটি 6 গৰাকী লোকৰ সলিল সমাধি ঘটে ৷ পুৱতি নিশা শুই থকাৰ সময়ত মাটি খহি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত প্ৰাণ হেৰুৱাই লোক কেইজনে ৷ অঞ্চলজুৰি শোঁকৰ ছা পৰিছে ৷

LANDSLIDE 6 DEATH ,10 INJURED AT KARIMGANJ
ভূমিস্খলন: নিহত 6, আহত 10

কৰিমগঞ্জ, 2 জুন : কৰ'ণা আতংকৰ মাজতে মংগলবাৰে কৰিমগঞ্জত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ নেৰানেপেৰা বৰষুণৰ ফলত মাটি খহি মৃত্যু ঘটে 6 গৰাকী লোকৰ ৷

ভূমিস্খলন: নিহত 6, আহত 10

ঘটনাৰ বিৱৰণ অনুসৰি, কালিগঞ্জ থানাৰ অন্তৰ্গত ৰহিমপুৰ গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ পুৱতি নিশা নিদ্ৰাৰত অৱস্থাত থকাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা ৷ বিগত বহু কেইদিনৰ ধৰি বৰষুণ দি থকাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আকাংশ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

আনহাতে, এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ পাঁচ গৰাকী লোকে মৃত্যুক সাৱটি ল'ব লগা হয় ৷ মৃত্যু হোৱা লোক কেইজন ক্ৰমে, আজিৰ উদ্দিন,ৰাজিয়া বেগম, আফতাৰ হুছেইন,আনুৱাৰ উদ্দিন,তাহেৰা বেগম আৰু জয়নব বেগম বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে 10 গৰাকীকৈ লোক ৷

ভূমিস্খলন: নিহত 6, আহত 10

ঘটনাৰ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে মাটি খান্দি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ কেইটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে, দুটাকৈ ঘৰ সম্পূৰ্ণ মাটিৰ তলত পোত খোৱাৰ বাবে বহুতো পশুধনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ঘৰুৱা কন্দল : পত্নীক জীৱন্তে পুতিলে স্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.