কৰিমগঞ্জ, 21 জানুৱাৰী : কৰিমগঞ্জত দিনক দিনে উপদ্ৰৱ বৃদ্ধি পাইছে ভূ-মাফিয়াৰ ৷ কেৱল সাধাৰণ জনতাৰ মাটিৰ ওপৰত চকু নহয় ভূ-মাফিয়াৰ ৷ এইবাৰ চৰকাৰী কোৱাৰ্টাৰৰ মাটি দখল কৰাৰ যো-জা চলাইছে ভূ-মাফিয়াই ৷ কৰিমগঞ্জৰ ন্যায়িক দণ্ডাধীশৰ পুৰণি কোৱাৰ্টাৰত ইতিমধ্যে টিনপাতেৰে আৱৰি বসবাস কৰিবলৈ ব্যৱস্থাও কৰি লৈছে ভূ-মাফিয়াই ৷ কৰিমগঞ্জ চহৰৰ মাজমজিয়াত শিল-বালি পেলাই এনেদৰে ভূ-মাফিয়াই বিনাদ্বিধাই চৰাকাৰী মাটি বেদখলৰ চেষ্টা চলোৱা কাৰ্যই সমগ্ৰ চহৰখনতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কৰিমগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে চলিছে এই ভূমি বেদখলৰ প্ৰচেষ্টা ৷
উল্লেখ্য যে, মাত্ৰ দুটা বছৰ পূৰ্বে কৰিমগঞ্জত লেণ্ডপোৰ্টৰ মাটিৰ কাকত জালিয়াতি কৰি ৰঙা ঘৰৰ আলহী হৈছিল চক্ৰ বিষয়া সহ জিলা উপায়ুক্ত । কিন্তু ইয়াৰ পৰাও যেন এতিয়াও শিক্ষা লাভ কৰা নাই কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ে । কাৰ্যালটোৰ একেবাৰে সমীপতে থকা ন্যায়িক দণ্ডাধীষৰ পুৰণি কোৱাৰ্টাৰ বৰ্তমানে শ্ৰম কাৰ্যালয় বনোৱাৰ বাৱে আবণ্টন দি ৰাখিলেও মাটিডোখৰ দখল কৰাত ব্যস্ত হৈ পৰিছে এচাম দুষ্কৃতিকাৰী ।
লগতে পঢ়ক: তেজপুৰ বায়ুসেনাৰ ঘাটি শত্ৰু পক্ষক প্ৰতিৰোধ কৰিবলৈ সদা প্ৰস্তুত