কৰিমগঞ্জ, 11 ডিচেম্বৰ: কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন কৰিলে শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে ৷ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচত পোনপ্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ বৰাক উপত্যাকাত উপস্থিত হৈয়েই চাহ শ্ৰমিকসকলক আকৃষ্ট কৰাৰ প্ৰচেষ্টা কৰিলে মন্ত্ৰীগৰাকীয়ে ৷
কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ অসম চাহ কৰ্প'ৰেশ্যনৰ অন্তৰ্গত কেইবাখনো বাগিছাত শ্ৰমিক সকলৰ বাবে শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন কৰে তেওঁ ৷ লগতে ভিন্ন বাগিছাত অনুষ্ঠিত কেইবাখনো সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী সঞ্জয় কিষাণে ৷
লগতে পঢ়ক: দুই এক বিক্ষিপ্ত ঘটনাৰ মাজেৰে সমাপ্ত হ’ল বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ