কৰিমগঞ্জ, 11 আগষ্টঃ সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা বৃহৎ কেলেংকাৰীৰ বিৰোধিতাৰে সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা আমৰণ অনশন কাৰ্যসূচী চৰ্ত সাপেক্ষে সাময়িকভাৱে স্থগিত ৰাখে সংগঠনটোৱে । কৰিমগঞ্জৰ উপ আৰক্ষী অধীক্ষকৰ পৰা ঘটনা সন্দৰ্ভত তিনিটা গোচৰ ৰুজু কৰি তদন্ত কৰাৰ লগতে দোষীক শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ পাছতে সোমবাৰে নিশা সংগঠনটোৱে সাময়িকভাৱে স্থগিত ৰাখে অনশন কাৰ্যসূচী ৷
লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ কুপৱাড়াত আটক তিনি সন্ত্ৰাসবাদী
তথ্য অনুসৰি, বৰাক উপত্যকাৰ অন্তৰ্গত তিনিখন জিলাৰ ভুৱা বিদ্যালয় আৰু ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত এটা দুষ্ট চক্ৰই বিগত বহু দিনে কেবাকোটি টকা লুন্ঠন কৰি আহিছে । ইফালে উক্ত কেলেংকাৰী সন্দৰ্ভত ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । আনকি বৃহৎ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত তথ্য সহকাৰে বৰাক উপত্যকাৰ তিনিওখন জিলাত কেবাটাও গোচৰ ৰুজু কৰে সংগঠনটোৱে ৷ কিন্তু পৰৱৰ্তী সময়ত ৰহস্যজনকভাৱে উক্ত গোচৰ সন্দৰ্ভত কোনো তদন্ত প্ৰক্ৰিয়া আগ নবঢ়াৰৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হয় ৷
সোমবাৰে কৰিমগঞ্জৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশনত বহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেবাটাও সংগঠনৰ নেতা কৰ্মী সকল । অৱশ্যে সন্ধিয়াৰ পিছত আন্দোলনস্থলীত আৰক্ষী উপস্থিত হৈ সাত দিনৰ সময় বিচৰাত সংগঠনটোৱে সাময়িকভাৱে আমৰণ অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰে । অৱশ্যে সাত দিনৰ পিছত যদিহে আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰাত ব্যৰ্থ হয়, তেন্তে ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি সাংবাদিকৰ আগত অৱগত কৰে কৰিমগঞ্জ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা জুনেদ আহমেদে ৷