ETV Bharat / state

কৰিমগঞ্জত পথ নিমাৰ্ণৰ দাবীত আমছাৰ আমৰণ অনশন

author img

By

Published : Jun 20, 2020, 9:18 PM IST

কানাইবজাৰৰ পৰা পাথাৰকান্দি লৈকে শোচনীয় অৱস্থাত থকা 8 নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদত বহিল ছাত্ৰ সংগঠন আমছা ৷

karimganja 8 no national highway poor condition situation protest aginest amsa
কৰিমগঞ্জত পথ নিমাৰ্ণৰ দাবীত আমছাৰ আমৰণ অনশন

কৰিমগঞ্জ,20জুনঃ কৰিমগঞ্জৰ কানাইবজাৰৰ পৰা পাথাৰকান্দি লৈকে পথচোৱাৰ নিমাৰ্ণৰ বাবে 8 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত আমৰন অনশনত বহিল ছাত্ৰ সংগঠন আমছা ৷ বিশেষকৈ পাথাৰকান্দি সমষ্টিৰ প্ৰৱেশৰ পৰা পাথাৰকান্দি চহৰৰ শেষ প্ৰান্ত লৈকে ঘাইপথত অবস্থা খুবেই শোচনীয় অৱস্থা। প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে পথচোৱাত। বাৰে এই অংশটো মেৰামতিৰ দাবী কৰি অহা হৈছিল যদিও প্ৰতিশ্ৰুতিৰ বাহিৰে ৰাইজে একো লাভ নকৰাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা ।

সম্প্ৰতি পথৰ বেয়া অৱস্থাৰ ছবি সম্প্ৰচাৰ হোৱাৰ পিছত ৰাইজক আকৌ প্ৰতিশ্ৰুতি দিয়া হৈছে খুব শীঘ্ৰেই আৰম্ভ হ'ব পথচোৱাৰ নিৰ্মাণৰ কাম । প্ৰতিশ্ৰুতিৰ পিছত বহু দিন অতিক্ৰম হোৱাত ক্ষোভিত হৈ পৰিছে ছাত্ৰ সংগঠন। সেয়ে শনিবাৰৰ পৰা ছাত্ৰ সংগঠনৰ লগত সাধাৰণ ৰাইজ আমৰণ অনশনত বহিবলৈ বাধ্য হৈছে ।

লগতে পঢকঃ বিশেষভাৱে সক্ষম অনুৰাগীয়ে অংকন কৰিলে বিগ বিৰ বিশেষ পেইন্টিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.