ETV Bharat / state

কৰিমগঞ্জত দাৰে ডিঙি কাটি মহিলাক হত্যা

author img

By

Published : Jan 31, 2020, 9:48 PM IST

Updated : Jan 31, 2020, 10:46 PM IST

কৰিমগঞ্জত টকাৰ বাবে নিজ বৌৱেকক দাৰে ডিঙি কাটি হত্যা কৰে দেউৰেকে ৷ মৃত মহিলাগৰাকীৰ নাম ফৰিদা বেগম বুলি জানিব পৰা গৈছে ৷

Karimganj women murder by Brother in Law
কৰিমগঞ্জত দাৰে ডিভি কাটি মহিলা হত্যা

কৰিমগঞ্জ,31 জানুৱাৰী: কৰিমগঞ্জ চহৰৰ সমীপৰ মোবাৰকপুৰত সংঘটিত হয় নৃশংস হত্যাকাণ্ড ৷ নিজ বৌৱেকক দাৰে ডিঙি কাটি হত্যা কৰে দেউৰেকে । জানিব পৰা মতে, ফৰিদা বেগমৰ বিবাহ হৈছিল একে অঞ্চলৰে খাজুৰ উদ্দিন নামৰ ব্যক্তি জনৰ সৈতে ৷ বিবাহৰ পিছৰ পৰাই ফৰিদা বেগমৰ পিতৃৰ পৰা প্ৰায়ে টকা পইচা লৈ আহে স্বামীৰ পৰিয়ালৰ লোকে । বৃহস্পতিবাৰে টকা আনিব গৈছিল স্বামীৰ ভায়েক ৰাজু উদ্দিনে । কিন্তু টকা দিব পৰা নাছিল ফৰিদাৰ পৰিয়ালৰ লোকে । ফলতে খং কৰি ওলাই আহে দেউৰেক ৰাজু উদ্দিনে । কিছু সময় পিছত কোনো লোকে ফোন কৰি ফৰিদা বেগমৰ অৱস্থা বেয়া বুলি জনাই ফৰিদাৰ পিতৃক ৷ খবৰ পাই ফৰিদাৰ মাকৰ ঘৰৰ পৰিয়ালে আহি প্ৰত্যক্ষ কৰে পাকঘৰতে দাৰে ডিঙি কাটি হত্যা কৰা হৈছে ফৰিদাক । ঘটনাৰ পিছত ফৰিদাৰ মৃতদেহ পেলাই থৈ আত্মগোপন কৰে স্বামীৰ পৰিয়ালে । মৃত ফৰিদা বেগম তিনি সন্তানৰ মাতৃ । ফৰিদাৰ স্বামী খাজুৰ উদ্দিন হত্যাকাণ্ডত কিমান জড়িত এয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ বৰ্তমান ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে কৰিমগঞ্জ সদৰ আৰক্ষীয়ে ৷

কৰিমগঞ্জত দাৰে ডিঙি কাটি মহিলাক হত্যা

লগতে:হাইলাকান্দিৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ এ টি এমত ডকাইতি

Intro:Body:SLUG: WIFE MURDER BY BROTHER IN LAW, KARIMGANJ
কৰিমগঞ্জত বোৱাৰি হত্যাকান্ড । টকা নোপোৱাৰ বাবে ভাতৃবধুক দা ৰে ডিঙি কাটি হত্যা কৰিলে ভাষুৰে । ঘটনাটো কৰিমগঞ্জ চহৰৰ নিলগৰ মোবাৰকপুৰ এলাকাত । নিহত ফৰিদা বেগমৰ দেউতাৰ পৰা প্ৰায়ে টকা পইচা লৈ আহে স্বামীৰ পৰিয়ালৰ লোকে । যোৱাকালি টকা আনিব গৈছিল ভাষুৰ ৰাজু উদ্দিনে । টকা দিব পাৰা নাই ফৰিদাৰ পৰিয়ালৰ লোকে । ফলতে খং কৰি ওলাই আহে ভাষূৰ ৰাজু উদ্দিনে । কিছু সময় পিছত কোনেবাই ফোন কৰি জনায় ফৰিদা বেগমৰ অবস্থা বেয়া । খবৰ পাই সকলোৱে আহি প্ৰত্যক্ষ কৰে পাকঘৰতে দা ৰে ডিঙি কাটি হত্যা কৰা হৈছে তেওক । ফৰিদা তিনি সন্তানৰ মাতৃ । ফৰিদাৰ স্বামী খাজুৰ উদ্দিন হত্যাকান্ডত কিমান জড়িত এয়া গম পোৱা নগলেও মৃতদেহ পেলাই থৈ সকলোৱে আত্মগোপন কৰে । ঘটনাত ব্যাপক চাঞ্চল্য দেখা দিয়ে । ঘটনাটো যি হত্যাকান্ড এয়া স্বীকাৰ কৰে সদৰ থানাৰ ওচি উৎপল বৰাই।Conclusion:
Last Updated : Jan 31, 2020, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.