কৰিমগঞ্জ, ৬অক্টোবৰ: প্ৰশাসনলৈ বুঢ়া আঙুলি দেখুৱাই কৰিমগঞ্জত বালি মাফিয়াৰ দপদপনি । চক্ৰ বিষয়া আদিউল ইছলামৰ নেতৃত্বত নিলামবজাৰত আৰক্ষী আৰু বন বিভাগে অভিযান চলাই এটা বালি মাফিয়াক আটক কৰে । ধৃত বালি মাফিয়াটো চাব্বিৰ আহমেদ । ধৃত চাব্বিৰ আহমেদৰ পৰা আৰক্ষীয়ে ২৩ডাল পাইপো জব্দ কৰে। কৰিমগঞ্জত ৰাজহ ফাঁকি দি দীৰ্ঘদিন ধৰি অবৈধভাৱে বালি সংগ্ৰহ কৰি আহিছে অসাধু চক্ৰই৷ সংবাদ মাধ্যমত বালি মাফিয়াৰ বিষয়ে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তত্পৰ হৈছিল চক্ৰ বিষয়া আদিউল ইছলাম।
![কৰিমগঞ্জত বালি মাফিয়া আটক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23_06102020134944_0610f_1601972384_550.jpg)
উল্লেখ্য যে, কৰিমগঞ্জৰ নিলামবজাৰ অঞ্চলৰ লংগাই নদীৰ ওপৰত থকা পকী দলঙৰ ৫০০ মিটাৰৰ ভিতৰৰ পৰা অবৈধভাৱে মেচিন ব্যৱহাৰ কৰি নৈৰ পৰা বালি সংগ্ৰহ কৰাৰ অভিযোগ এক অসাধু চক্ৰৰ বিৰুদ্ধে ৷ নিলামবজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদৰ ওপৰেৰে পাইপ লাইন বহুৱাই গড়কাপ্তানী পথৰ ওপৰেদি বালি সংগ্ৰহ কৰা পাইপ লাইন লৈ যোৱা হৈছে ৷ প্ৰশাসনকো কেৰেপ নকৰা অসাধু চক্ৰটোৱে কেৱল এই স্থানতেই নহয় বৰং জিলাখনৰ ভিন্ন প্ৰান্তত অবৈধভাৱে বালি সংগ্ৰহৰ কাম চলাই নিয়াৰো অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক : কৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা