কৰিমগঞ্জ, 21 আগষ্ট: কৰিমগঞ্জৰ বদৰপুৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ (Burmese supari seized in Karimganj)। বদৰপুৰৰ ভাংগাৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বাৰ্মিজ চুপাৰীখিনি । শনিবাৰে গোপন সূত্ৰৰ পম খেদি বদৰপুৰ থানাৰ(Badarpur Police Station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামী আৰু ভাংগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অভিযান ।
বদৰপুৰৰ ভাংগা, মৰজাতকান্দি আৰু বচলা মোটত অভিযান চলাই ১৫০ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে আৰক্ষীয়ে । ভাংগাৰ চৰপুৰ গাঁৱৰ মুজম্মিল আলীৰ এখন ফাৰ্মত মজুত কৰি থোৱা আছিল বাৰ্মিজ চুপাৰীখিনি । ফাৰ্মখনৰ ভিতৰত সাধাৰণ চুপাৰীৰ লগত বাৰ্মিজ চুপাৰী লুকুৱাই থোৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । সেই অনুসৰি অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ বাৰ্মিজ চুপাৰীখিনি ।
আনহাতে মুজম্মিল আলীৰ ঘৰৰ পাছফালৰ এটা পুখুৰীত লুকুৱাই থোৱা অৱস্থাৰ পৰাও কেইটামান বাৰ্মিজ চুপাৰীৰ বস্তা জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ লগতে সাংবাদিকৰ দলেও মেটেকা আঁতৰাই বহুকেইটা চুপাৰীৰ বস্তা পুখুৰীৰ মাজৰ পৰা উদ্ধাৰ কৰে । জব্দকৃত চুপাৰী খিনিৰ বজাৰ মূল্য কেবা লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে ।
লগতে পঢ়ক: আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰ্তব্যৰত গৃহৰক্ষী জোৱান