কৰিমগঞ্জ, 12 আগষ্ট : 18 বছৰীয়া যুৱকক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া অভিযুক্ত অৱশেষত জালত পৰিল বাজাৰিছড়া আৰক্ষীৰ । আটক হোৱা ঘাতকৰূপী যুৱকজনৰ নাম অভিনাশ দাস । 5 আগষ্টৰ নিশা একে অঞ্চলৰ অপূৰ্ব দাস নামৰ এজন যুৱকক হত্যা কৰি পৰিত্যক্ত দোকানৰ ভিতৰত ওলেমাই থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল অভিনাশ দাসে ।
6 আগষ্টৰ পুৱা চিপ লৈ থকা অৱস্থাত নিজৰেই এখন পৰিত্যক্ত দোকানৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছিল অপূৰ্ব দাসৰ মৃতদেহ । পিছে তদন্তৰ অন্তত মৃত্যুৰ ছয় দিনৰ পাচত কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষীয়ে অভিনাশ দাসক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে । অভিনাশে স্বীকাৰ কৰিছে যে, সম্পত্তিৰ বিবাদৰ বাবে মদ্যপান কৰি অপূৰ্ব দাসক হত্যা কৰিছিল তেওঁ । এই ঘটনা সংঘটিত হৈছিল কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা আৰু মিজোৰাম সীমান্তৰ মাগুৰা গাঁৱত ।
যোৱা 5 আগষ্টত গোটেই দিনটো অভিনাশ দাসৰ সৈতে ঘুৰি ফুৰিছিল মৃত অপূৰ্ব দাসে । স্থানীয় মন্দিৰত ভূমি পূজনৰ লগত সংগতি ৰাখি চলা অনুষ্ঠানত যোগ দিছিল অপূৰ্ব আৰু অভিনাশে । সন্ধিয়াৰ পাচত আনকি দুইজনে একেলগে মদ্যপান পৰ্যন্ত কৰিছিল । আৰু সেই মদ্যপানেই যেন কাল হ'ল অপূৰ্ব দাসৰ জীৱনৰ বাবে । মদ্যপানৰ পাচত তৰ্কাতৰ্কি লাগি অভিনাশে হত্যা কৰিলে অপূৰ্ব দাসক ।
অভিনাশ দাসৰ স্বীকাৰোক্তি অনুসৰি মদ্যপানৰ পাচত তেওঁৰ মনলৈ আহিছিল যেন, অপূৰ্ব দাসৰ পৰিয়ালৰ লোকে তেওঁৰ পৰিয়ালৰ সম্পত্তি আত্মসাতৰ চেষ্টা চলাইছে । সেয়ে অভিনাশে হত্যা কৰিছিল অপূৰ্ব দাসক । অৱশেষত হত্যাকাণ্ডৰ ঘটনাটো আত্মহত্যাৰ ৰূপ দিবলৈ পৰিত্যাক্ত দোকানৰ ভিতৰতেই ওলোমাই থৈ দিছিল মৃতদেহ । যাতে আন কোন লোকে মৃতদেহ প্ৰত্যক্ষ কৰিলে আত্মহত্যা বুলি ধৰি ল’ব পাৰে । অৱশ্যে শেষ ৰক্ষা নহ'ল ঘাতক অভিনাশ দাসৰ । বাজাৰিছড়া আৰক্ষীৰ জালত পৰিল তেওঁ ।
উল্লেখযোগ্য যে, 5 আগষ্টৰ সন্ধিয়াৰ পাচৰে পৰাই অপূৰ্ব দাসক বিচাৰি পৰিয়ালৰ লোকে ফোন কৰিছিল পৰিয়ালৰ লোকে ৷ ফোন কল ৰিছিভ কৰি কান্দিবলৈ ধৰিছিল অপূৰ্বই । সেই অন্তিম ফোন কলৰ পিছত চুইচ অফ আছিল অপূৰ্বৰ মোবাইল ফোন, আৰু 6 তাৰিখ পুৱাৰ ভাগত পৰিত্যক্ত দোকানৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল অপূৰ্ব দাসৰ মৃতদেহ ।
লগতে পঢ়ক : ২৭ আগষ্টৰ ভিতৰত গৰ্গ চেটাৰ্জীক গুৱাহাটী আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ