ETV Bharat / state

কৰিমগঞ্জত নিমাৰ্ণ হৈ থকা হেলিপেডৰ কাম বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰৰ - হেলিপৰ্ট'ৰ নিৰ্মাণৰ কাম হঠাতেই বন্ধ

চল্লিশ শতাংশ কাম সম্পন্ন হোৱাৰ পিছত ৰহস্যজনকভাৱে কৰিমগঞ্জত নিৰ্মাণ হৈ থকা হেলিপেডৰ কাম বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰী কৰ্তৃপক্ষৰ ৷

Karimganj Heliport build construction work stop by Government
কৰিমগঞ্জত নিমাৰ্ণ হৈ থকা হেলিপেডৰ কাম বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰৰ
author img

By

Published : Feb 29, 2020, 6:27 PM IST

কৰিমগঞ্জ, 29 ফেব্ৰুৱাৰী : কৰিমগঞ্জত হেলিপৰ্ট নিৰ্মাণত ৰাজ্য চৰকাৰৰ ভেঁকোভাওনা । কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিত হেলিপেডৰ নিৰ্মাণৰ কাম হঠাতেই বন্ধ কৰি দিলে জিলাধিপতি এম আম্বামুথুনে । প্ৰকল্পটোৰ প্ৰায় চল্লিশ শতাংশ কাম সম্পন্ন হোৱাৰ পিছত ৰহস্যজনকভাৱে নিৰ্মাণৰ কাম বন্ধ কৰাৰ নিৰ্দেশ শুনি ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ । সমগ্ৰ ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে 2018 চনত অৰ্থাৎ লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত একেলগে কেইবাখনো হেলিকপ্তাৰ উৰা মৰাৰ ব্যৱস্থা সম্পন্ন এখন হেলিপেড নিৰ্মাণৰ বাবে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ সুপ্ৰাকান্দি পঞ্চায়তৰ নয়াগ্ৰাম অঞ্চলত ৰাজ্য চৰকাৰে বিচাৰিছিল উপযুক্ত মাটি। সেই অনুসৰি অঞ্চলটোৰ দৰিদ্ৰ লোকসকলে 14 বিঘা কৃষিভূমি দান কৰিছিল। সেই মৰ্মে 2018 চনৰ 4 নভেম্বৰ তাৰিখত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত হেলিপেডৰ আধাৰশিলা স্থাপন কৰা হৈছিল । আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অঞ্চলটোত উন্নয়ন হোৱাৰ আশ্বাস দিছিল মন্ত্ৰী গৰাকীয়ে । ইয়াৰ পিছত আৰম্ভ হৈছিল নিৰ্মাণৰ কাম ।

কৰিমগঞ্জত নিমাৰ্ণ হৈ থকা হেলিপেডৰ কাম বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰৰ

সম্প্ৰতি কৰিমগঞ্জৰ জিলাধিপতি এম আম্বামুথুনে নিৰ্মাণস্থলিত নিশাৰ ভাগত উপস্থিত হৈ কাম বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। বৰ্তমান এই খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় লোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ক্ষোভিত ৰাইজে কোনো কাৰণতে নিৰ্মাণৰ কাম বন্ধ হ'বলৈ নিদিব বুলি জনাইছে । ইয়াৰোপৰি উক্ত স্থানত হেলিপেট নিৰ্মাণ নহ'লে বৃহত্তৰ আন্দোলন গঢ়ি তুলা হ'ব । লগতে আগন্তুক বিধানসভা নিৰ্বাচনত সুপ্ৰাকান্দি পঞ্চায়ত অঞ্চলত কোনো নেতা পৰ্যন্ত প্ৰৱেশ কৰিব নোৱাৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:হাইড্ৰোপনিক পদ্ধতিৰে বিলাহী খেতি কৰি স্বাৱলম্বী নাজিৰাৰ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.