ETV Bharat / state

লোড শ্বেডিং:কৰিমগঞ্জত পুৱতি নিশা আন্দোলন - আন্দোলন

উৎকট গৰমৰ মাজতো ঘণ্টাৰ পাছত ঘণ্টা বিদ্যুৎ সেৱা বন্ধ হৈ থকা বাবে বুধবাৰে নিশা কৰিমগঞ্জ জিলাৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে

কৰিমগঞ্জত নিশা তিনি বজালৈকে আন্দোলন
author img

By

Published : Aug 8, 2019, 2:10 PM IST

কৰিমগঞ্জ, 8 আগষ্টঃ উৎকট গৰমৰ মাজতো ঘণ্টাৰ পাছত ঘণ্টা বিদ্যুৎ সেৱা বন্ধ হৈ থকা বাবে বুধবাৰে নিশা কৰিমগঞ্জ জিলাৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ গভীৰ নিশা লৈকে চলা এই প্ৰতিবাদক নিয়ন্ত্ৰণ কৰিবলৈ গৈ প্ৰশাসনে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয় ৷ প্ৰতিবাদকাৰী সকলে বিদ্যুৎ বিতৰণ বিভাগৰ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰাৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সহস্ৰাধিক স্থানীয় ৰাইজে শক্তি বিভাগক গৰিহণা দিয়ে ৷

Intro:বিদ্যুৎহীন কৰিমগঞ্জ, উত্তেজনাBody:SLUG: UNREST SITUATION FOR POWER CUT, KARIMGANJ
প্ৰতিদিন ঘন্টাৰ পাছত ঘন্টা বিদ্যুত্ পৰিসেৱা বন্ধ কৰি ৰখাৰ ফলত যোৱানিশা ব্যাপক উত্তেজনাৰ সৃষ্ঠি হয় কৰিমগঞ্জত | শহৰৰ ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্থ কৰে স্থানীয় ৰাইজে | বিদ্যুত বিতৰন বিভাগৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় ঘাই পথো অবৰোধ কৰা হয় । বিদ্যুতহীন কৰিমগঞ্জত গভীৰ নিশালৈকে চলা ৰাইজনৰ আন্দোলনক নিয়ন্ত্ৰন কৰিবলৈ হিমচিম খাবলগা হয় আৰক্ষীক | কৰিমগঞ্জত বৰ্তমানে 2 বা 4 ঘন্টাতকৈ বেচি বিদ্যুত যোগান নেপায় শহৰকে ধৰি গোটে জিলাত | উত্কোট গৰমৰ মাজত বিদ্যুতহীন কৰিমগঞ্জৰ ৰাইজে অতিষ্ট হৈ প্ৰায় প্ৰতিদিনাই কোম্পানীৰ কাৰ্যালয়ৰ চৌহদত হুলুস্থলিয়া পৰিবেশৰ সৃষ্ঠি কৰে | যোৱা নিশা এই আন্দোলন তীব্ৰ আকাৰ ধাৰন কৰে | বিদ্যুত বিতৰন বিভাগৰ কাৰ্যালয় চৌহত বিক্ষোভ প্ৰদৰ্শন কৰাৰ উপৰি ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ কৰা হয় । চৰকাৰ আৰু বিদ্যুত বিভাগৰ বিৰুদ্ধে গৰিহণা জনাই প্রতিবাদ সাব্যস্থ কৰিবলৈ ৰাজপথত উলিয়াই আহে সহস্ৰাধিক ভুক্তভোগী স্থানীয় ৰাইজ।
কৰিমগঞ্জ, ৮/৮/১৯Conclusion:ৰাতি তিনিটা লৈকে চলে এই আন্দোলন।আজিও উত্তপ্ত হব পাৰে কৰিমগঞ্জ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.