ETV Bharat / state

ক’ভিড-19ত মৃত্যু হোৱা ৰোগীৰ সৎকাৰক লৈ বিপাঙত জিলা প্ৰশাসন

author img

By

Published : Jul 25, 2020, 11:53 AM IST

ক’ভিড-19ত মৃত্যু হোৱা ৰোগীৰ সৎকাৰক লৈ সৃষ্টি হোৱা সমস্যাৰ পাচতে কঠোৰ নিৰ্দেশনা জাৰি জিলা উপায়ুক্ত আন্বামুথন এম পিৰ ৷ যিটো এলেকাত ৰোগীৰ মৃত্যু হ’ব সেই এলেকাতে তেওঁলোকৰ মৃতদেহ সৎকাৰ কৰা হ’ব বুলি নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷

Karimganj district administration in trouble due to funeral of covid patient
ক’ভিড-19ত মৃত্যু হোৱা ৰোগীৰ সৎকাৰক লৈ বিপাঙত জিলা প্ৰশাসন

কৰিমগঞ্জ, 25 জুলাই : ক’ভিড-19ত মৃত্যু হোৱা ৰোগীৰ মৃতদেহৰ সৎকাৰক লৈ বিপাঙত পৰিছে কৰিমগঞ্জ জিলা প্ৰশাসন । ঠায়ে ঠায়ে মৃতদেহৰ সৎকাৰত বাধা প্ৰধান কৰিছে স্থানীয় লোকে । উল্লেখ্য যে, শুকুৰবাৰে নিশা ৰামকৃষ্ণ নগৰৰ চক্ৰ বিষয়াৰ কাৰ্য়ালয়ৰ পিছফালে চৰকাৰী ভূমিত জ্বলাই দিয়া হয় ক’ভিড ৰোগী কিৰণ শংকৰ দাসৰ মৃতদেহ ।

জিলা উপায়ুক্ত আন্বামুথন এম পিয়ে সদৰি কৰা মতে, ‘‘মৃতদেহ কোনো পাকিস্তানী লোকৰ অথবা এলিয়েনৰ নহয় যে অঞ্চলবাসীয়ে সৎকাৰত বাধা প্ৰদান কৰিব লাগে । এতিয়াৰ পৰা যিটো এলেকাত ৰোগীৰ মৃত্যু হ’ব সেই এলেকাতে তেওঁলোকৰ মৃতদেহ সৎকাৰ কৰা হ’ব’’ ৷

মৃত কিৰণ শংকৰ দাস ক’ভিড-19 আক্ৰান্ত হ’লেও তেওঁ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । কৰিমগঞ্জ চহৰৰ চৰবজাৰ শ্মশানত তেওঁৰ অন্তিম সৎকাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও স্থানীয় লোকে আপত্তি দৰ্শোৱাত সেয়া সম্ভৱ নহ’ল । এনেকৈয়ে ঠাই অনুযায়ী স্থানীয় ৰাইজে আপত্তি জনোৱাত অৱশেষত চক্ৰবিষয়াৰ কাৰ্যালয়ৰ পিচফালে থকা চৰকাৰী ভূমিত কিৰণ শংকৰ দাসৰ অন্তিম সৎকাৰ কৰা হয় ৷ লগতে, ক’ভিড-19ত মৃত্যু হোৱা ৰোগীৰ সৎকাৰক লৈ সৃষ্টি হোৱা এই সমস্যাৰ পাচতে কঠোৰ স্থিতি গ্ৰহণ কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক : অতিৰিক্ত জিলা উপায়ুক্তক দুৰ্ব্যৱহাৰ কৰি আৰক্ষীৰ জালত এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.