কৰিমগঞ্জ,11 ছেপ্তম্বৰ: কৰিমগঞ্জৰ বাৰৈগ্ৰামত মঙলবাৰে পোহৰলৈ আহে ৰন্ধন গেছৰ সলনি চিলিণ্ডাৰত পানী ভৰাই গ্ৰাহকক মাধমাৰ শোধোৱা জালিয়াতিৰ ঘটনা ৷ ঘটনা অনুসৰি কৰিমগঞ্জ জিলাৰ ইলাছপুৰ পঞ্চায়ত সভাপতিৰ প্ৰতিনিধি আমিৰুল হকে বাৰইগ্ৰাম গেছ এজেন্সিৰ পৰা এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ আনিছিল ৷ কিন্তু ৰান্ধনি শালত গেছ জ্বলাবলৈ লোৱাত জুই নজ্বলাত সন্দেহ হয় গৃহস্থৰ ৷ ইয়াৰ পাছতে চিলিণ্ডাৰটো পৰীক্ষা কৰাত চিলিণ্ডাৰত গেছৰ সলনি পানী নিগৰি অহাত হতবাক হৈ পৰে পৰিয়ালটো৷
উল্লেখযোগ্য যে নিলামবজাৰ আৰক্ষী থানাৰ কাষতে প্ৰায়ে প্ৰত্যক্ষ কৰা হয় এটা চিলিণ্ডাৰৰ চুৰৰ চক্ৰ । যোৱা বছৰ আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই চিলিণ্ডাৰৰ পৰা গেছ উলিয়াই লোৱাৰ বহু সঁজুলি সহ উদ্ধাৰ কৰিছিল বহুকেইটা চিলিণ্ডাৰ ৷ অভিযোগ অনুসৰি কিন্তু ইয়াৰ বিৰুদ্ধে একো কঠোৰ বৱস্থা নোলোৱাত এতিয়াও অব্যাহত আছে চিলিণ্ডাৰৰ ভিতৰত পানী ভৰাই ৰাইজক মাধমাৰ দিয়াৰ প্ৰক্ৰিয়া ।