ETV Bharat / state

কৰিমগঞ্জত অনুপ্ৰৱেশ বাংলাদেশী নাগৰিকৰ

author img

By

Published : Apr 26, 2020, 11:50 AM IST

Updated : Apr 26, 2020, 3:37 PM IST

KARIMGANJ BALNGLADESHI CITIZEN INFILTRATE
কৰিমগঞ্জত অনুপ্ৰৱেশ বাংলাদেশী নাগৰিকৰ

11:42 April 26

স্থানীয় ৰাইজে আটক কৰি বি.এছ.এফক গতাই দিলে বাংলাদেশী নাগৰিকজনক

কৰিমগঞ্জত অনুপ্ৰৱেশ বাংলাদেশী নাগৰিকৰ

কৰিমগঞ্জ, 26 এপ্ৰিল: কৰ'ণা আতংকৰ লগতে দেশত লক ডাউন বাহাল থকাৰ সময়তে কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ ৷ কৰিমগঞ্জ চহৰত থকা সীমা নিৰ্ধাৰণকাৰী কুশিয়াৰা নৈ সাঁতুৰী পাৰ হৈ ভাৰতৰ ভূমি কৰিমগঞ্জত উপস্থিত হয় এজন বাংলাদেশী নাগৰিক ৷ জানিব পৰা মতে স্থানীয় ৰাইজে কৰায়ত্ব কৰি সীমান্ত সুৰক্ষা বাহিনীৰ হাতত গতাই দিয়ে নাগৰিকজনক ৷ ইয়াৰ পাছত সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশ সীমান্ত আৰক্ষীৰ হাতত গতাই দিয়ে লোকজনক ৷ উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত আৰক্ষী তথা সাংবাদিকক কোনো তথ্য দিবলৈ বিচৰা নাই ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ আনকি ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষীকো অৱগত কৰা নাই  ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ৷  

উল্লেখ্য যে দেওবাৰে পুৱা কৰিমগঞ্জ চহৰৰ দাসপট্টি অঞ্চলৰ এজন লোকে মাছ মাৰি থকা সময়তে প্ৰত্যক্ষ কৰে লোকজনক ৷ উক্ত সময়ত বাংলাদেশৰ দিশৰ পৰা কুশিয়াৰা নৈৰে ভাৰতৰ অভিমুখে সাঁতুৰি আহি আছিল ব্যক্তিজন ৷ ঘটনাৰ উমান পাই সাঁতুৰি আহি ভাৰতত উপস্থিত হোৱাৰ লগে লগেই লোকজনক আটক কৰে স্থানীয় লোকে ৷ ইয়াৰ পাছতে সীমান্ত সুৰক্ষা বাহিনীৰ হাতত লোকজনক গতাই দিয়ে স্থানীয় ৰাইজে ৷ এই ঘটনাৰ খবৰ পোৱাৰ পাছেত উক্ত স্থানত সাংবাদিক উপস্থিত হয় যদিও ঘটনাৰ কোনো ধৰণৰ তথ্য প্ৰদান নকৰে বি এছ এফে ৷ আনকি স্থানীয় কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীকো ঘটনাৰ বিষয়ে কোনো তথ্য প্ৰদান নকৰে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে জনোৱা অনুসৰি বি এছ এফে ঘটনাৰ সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰা নাই ৷ আনকি বাংলাদেশী নাগৰিক জনৰ নামটোৱো তেওঁলোকক জনোৱা হোৱা নাই ৷ কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে এনেদৰে এজন বিদেশী নাগৰিক ভাৰতত ভূমিত প্ৰৱেশ কৰা ঘটনাই স্বাস্থ্য খণ্ডৰ লগতে দেশলৈ কঢ়িয়াই আনিছে অশনি সংকেত ৷  

লগতে পঢ়কঃ লক ডাউনৰ মাজতো খেলুৱৈয়ে অব্যাহত ৰাখিব লাগিব অনুশীলনঃ মুখ্যমন্ত্ৰী

Last Updated : Apr 26, 2020, 3:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.