কৰিমগঞ্জ,17 অক্টোবৰ : অসমৰ মাটিত মিজোৰ আগ্ৰাসন ৰুধিবলৈ এইবাৰ পৃথক এক পন্থা হাতত লৈছে কৰিমগঞ্জ প্ৰশাসনে । পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত মেদলিছেৰা এলেকাত এইবাৰ বেৰিকেড বহুৱাই মিজোৰামৰ সৈতে বাণিজ্যিক সম্পৰ্ক বন্ধ কৰি দিয়াৰ এক প্ৰয়াস চলাইছে কৰিমগঞ্জ প্ৰশাসনে ।
![Karimganj administrattion made a barricade on Assam Mizoram border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9208591_karimgndjv.jpg)
শুকুৰবাৰে বিয়লি ভাগত হঠাতে কৰিমগঞ্জ জিলাধিপতি এম আম্বামুথুন আৰু নৱ নিযুক্ত আৰক্ষী অধীক্ষক মায়ংক কুমাৰে মিজোৰামৰ সৈতে বাণিজ্যিক সম্পৰ্ক বন্ধ কৰি মিজোৰাম চৰকাৰক শিক্ষা দিয়াৰ উদ্দেশ্যে সীমান্তত উপস্থিত হৈ এখন বেৰিকেড নিৰ্মাণ কৰে আৰু সেই স্থানত আৰক্ষীৰ লোক মোতায়েন কৰি দিলে ।
কিন্তু মেদলিছৰা এলেকাত ক’ভিডৰ সুযোগ লৈ মামিট জিলা প্ৰশাসনে 3 কিলোমিটাৰ ভিতৰলৈ সোমাই পকী দলঙৰ মাজভাগত বেৰিকেড বহুৱাই অঘোষিত সীমান্ত বনাই দিয়ে। কৰিমগঞ্জ প্ৰশাসনে নতুনকৈ নিৰ্মাণ কৰা বেৰিকেডখন মিজোৰামে নিৰ্মাণ কৰা বেৰিকেডৰ পৰা এক কিলোমিটাৰ দূৰৈত ।
উল্লেখ্য যে,9 অক্টোবৰত ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ৰংপুৰৰ চেৰাগী সংৰক্ষিত বনাঞ্চলত মিজোৰ দখলত থকা অসমৰ মাটিত কৰিমগঞ্জ প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছদিনাই পুনৰ অসমৰ মাটি দখল কৰিছে মিজোৰামে । বুধবাৰে আগ্ৰাসন সন্দৰ্ভত মিজোৰামৰ কানমুনত কৰিমগঞ্জ প্ৰশাসন আৰু মামিট জিলা প্ৰশাসনৰ এক বৈঠক অনুষ্ঠিত হয় ।
এই বৈঠকখনত বিফল হৈ উভতিছিল কৰিমগঞ্জ প্ৰশাসন । সেয়ে এইবাৰ বাণিজ্যিক সম্পৰ্ক বন্ধ কৰি মিজোৰাম চৰকাৰক উচিত শিক্ষা দিয়াৰ পৰিকল্পনা হাতত লৈছে কৰিমগঞ্জ প্ৰশাসনে ।
লগতে পঢ়ক : বিহালীত আঁচনি শুভাৰম্ভণিৰ অনুষ্ঠানত অংশগ্ৰহণ সাংসদ পল্লৱলোচন দাসৰ