ETV Bharat / state

কৰিমগঞ্জত আইন শৃংখলা পৰিস্থিতিৰ ব্যাপক অৱনতি:ব্যৰ্থ প্ৰশাসন

author img

By

Published : Jan 7, 2020, 3:39 PM IST

ইয়াৰ উপৰিও নিলাম বজাৰ থানাত গোচৰ দিবলৈ গ'লে আৰক্ষীয়ে ৫০০০ হাজাৰ টকা দাবী কৰি লয় বুলি জনোৱাৰ লগতে পাৰপত্ৰৰ নিৰীক্ষণৰ বাবে প্ৰতিজন ব্যক্তিয়ে ৫০০টকা কৈ দিব লাগে বুলিও অভিযোগ তোলে বিধায়কগৰাকীয়ে। নিশা হ'লেই থানাৰ সন্মূখত গেট বহুৱাই তালাচীৰ নামত প্ৰতিখন গাড়ীৰ পৰা ধন দাবী কৰে । অথচ আজি পৰ্যন্ত এজনো চোৰ,ডকাইত ধৰিবলৈ সক্ষম নহ'ল নিলামবজাৰ আৰক্ষী।

নিলামবজাৰ থানা এলেকাত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা

কৰিমগঞ্জ, 7 জানুৱাৰী: কৰিমগঞ্জ জিলাৰ নিলামবজাৰ থানা এলেকাত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ জিলাখনত আইন-শৃংখলা পৰিস্থিতিৰ ব্যাপক অৱনতি ঘটাৰ লগতে অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে প্ৰশাসন ৷ ইয়াৰ ফলত ক্ৰমান্নয়ে জিলাখনত বৃদ্ধি পাইছে হত্যাকাণ্ড, ড্ৰাগছৰ বেহা, চুৰিকাণ্ডৰ দৰে অপৰাধসমূহ ৷ মঙলবাৰে নিলামবজাৰ চক্ৰ বিষয়াই আহ্বান কৰা আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ বিষয়ৰ এখন সভাত জিলাখনৰ আৰক্ষীৰ বিৰুদ্ধে ব্যাপক ক্ষোভ উজাৰে ৰাইজৰ লগতে স্থানীয় বিধায়ক আৰু চক্ৰ বিষয়াই ৷

বিগত ছয় মাহ ধৰি ড্ৰাগছ আৰু নিচাজাতীয় টেবলেটৰ ব্যৱসায় আৰু সেৱনৰ ঘাটিত পৰিণত হৈছে নিলামবজাৰ চক্ৰ আৰু থানা এলেকাৰ লগতে সমগ্ৰ দক্ষিণ কৰিমগঞ্জ। ড্ৰাগছৰ কৱলত পৰি অসামাজিক কাৰ্যকলাপত লিপ্ত হৈছে যুৱ প্ৰজন্ম। এই সকলো ঘটনা আৰক্ষীৰ সহযোগত ঘটি আছে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজ আৰু বিধায়কসহ চক্ৰ বিষয়াই ৷ বিভিন্ন ৰাজনৈতিক দলৰ নেতা, সামাজিক সংগঠনৰ প্ৰতিনিধি, স্থানীয় বিধায়ক, প্ৰাক্তন মন্ত্ৰী উপস্থিত থকা সভাখনত নিলামবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীকো আমন্ত্ৰণ জনোৱা হয় যদিও ভাৰপ্ৰাপ্ত বিষয়া এইচ.আৰ. ৰংমাই সভাত উপস্থিত নথকাৰ লগতে এজন সহকাৰী বিষয়াক পঠিয়াই দিয়া কাৰ্যক লৈ ক্ষুদ্ধ হৈ পৰে বিধায়ক আজিজ আহমেদ খান ।

নিলামবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সম্পূৰ্ণ সহযোগত অবৈধ ড্ৰাগছ,নিচাজাতীয় টেবলেট,মদ,জুৱা আদিৰ ৰমৰমীয়া বেহা চলি আছে। আৰক্ষী বিষয়া ৰংমাইয়ে এই সকল ব্যৱসায়ীৰ পৰা মাহিলি মোটা অংকৰ ধন লৈ ব্যৱসায় কৰাৰ সুযোগ দি আহিছে বুলি সভাখনত উপস্থিত সকলো ব্যক্তিয়ে অভিযোগ উত্থাপন কৰিছে। খোদ বিধায়ক আজিজ আহমেদ খানে ক্ষুদ্ধ হৈ উপস্থিত থকা আৰক্ষী বিষয়া গৰাকীক অসম ৰাইফলছে পিষ্টল আৰু নিচাজাতীয় টেবলেটসহ চাৰিজন লোকক আটক কৰি দিয়াৰ পাছত কিয় দুই লাখ টকা লৈ ব্যক্তি সকলক এৰি দিয়া হ'ল বুলি প্ৰশ্ন কৰে। কাৰ নিৰ্দেশত এৰি দিয়া হৈছে বুলি উত্তৰ বিচাৰে ৷ কিন্তু বিধায়কগৰাকীৰ এই প্ৰশ্নসমূহৰ উত্তৰ দিয়াত ব্যৰ্থ হয় উপস্থিত আৰক্ষী বিষয়াগৰাকী।

ইয়াৰ উপৰিও নিলাম বজাৰ থানাত গোচৰ দিবলৈ গ'লে আৰক্ষীয়ে ৫০০০ হাজাৰ টকা দাবী কৰি লয় বুলি জনোৱাৰ লগতে পাৰপত্ৰৰ নিৰীক্ষণৰ বাবে প্ৰতিজন ব্যক্তিয়ে ৫০০টকা কৈ দিব লাগে বুলিও অভিযোগ তোলে বিধায়কগৰাকীয়ে। নিশা হ'লেই থানাৰ সন্মূখত গেইট বহুৱাই তালাচীৰ নামত প্ৰতিখন গাড়ীৰ পৰা ধন দাবী কৰি লয়। অথচ আজি পৰ্যন্ত এজনো চোৰ,ডকাইত ধৰিবলৈ সক্ষম নহ'ল নিলামবজাৰ আৰক্ষী। ৩১ ডিচেম্বৰ নিশা থানাৰ পৰা ১০০ মিটাৰৰ ভিতৰত বজাৰৰ মাজত এজন ব্যক্তিক হত্যা কৰা হৈছে । সেই ঠাইলৈ যোৱাৰ বাবে অচি ৰংমাইক সময় লাগিছিল তিনি ঘণ্টা। ইপিনে মৃতদেহটো লৈ ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছিল।

কৰিমগঞ্জ চহৰৰ পৰা সদৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ ৰাইজক বুজাই শান্ত কৰে। এনে এশ এবুৰি অভিযোগ উত্থাপিত কৰিছে সাধাৰণ জনগণে। অতি শীঘ্ৰে আৰক্ষী বিষয়া ৰংমাইৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৰাইজৰ। ইপিনে বিধানসভাত এই বিষয়ে উত্থাপিত কৰিব বুলি জনায় বিধায়ক আজিজ আহমেদ খানে। স্থানীয় বিজেপি নেতা নিলোৎপল দাসেও অভিযোগ কৰি কয় স্থানীয় প্ৰশাসন আইনশৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰক্ষীৰ বাবে নিলাম বজাৰ এলেকাত অসামাজিক কাৰ্য-কলাপ বৃদ্ধি পাইছে। উপস্থিত চক্ৰ বিষয়াগৰাকীয়েও আৰক্ষীক তুলাধুনা দিয়ে ৷

লগতে পঢ়ক: বাৰাণসী ৰে’ল ষ্টেচনত নিষিদ্ধ একক ব্যৱহৃত প্লাষ্টিক

Intro:Body:SLUG: PUBLIC & ADMINISTRATION BADLY BLAMED POLICE, KARIMGANJ
কৰিমগঞ্জ জিলাৰ নিলামবজাৰ থানা এলাকাত আইন শৃংখলা পৰিস্থিতিৰ ব্যাপক অবনতি ঘটিছে | চৰকাৰী সভাত আৰক্ষীৰ বিৰুদ্ধে ব্যাপক ক্ষোভ উজাৰিলে ৰাইজৰ লগতে স্থানীয় বিধায়কে | আনকি সভাত উপস্থিত হোৱা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে খোদ চক্ৰ বিষায়াও |
যোৱা ছয় মাহ ধৰি নিলামবজাৰ চক্ৰ আৰু থানা এলেকাৰ লগত সমগ্ৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিত ড্ৰাগছ ও নিচাজাতীয় টেবলেটৰ ব্যৱসায় আৰু সেৱনৰ ঘাটিত পৰিণত হৈছে। ড্ৰাগছৰ কৱলত পৰি উঠি অহা প্ৰজন্ম অসামাজিক কাৰ্য্যকলাপত লিপ্ত হৈছে। চুৰি, ডকাইতি, হত্যা এতিয়া নিতৌ নৈমতিক ঘটনাত পৰিণত হৈছে। এই সকলোবোৰ ঘটনা আৰক্ষীৰ সহযোগত হৈ আছে বুলি একযোগে অভিমত পোষন কৰে স্থানীয় ৰাইজ সহ বিধায়ক আনকি চক্ৰ বিষয়ায়ো | নিলামবজাৰ চক্ৰ বিষয়াই আহ্বান কৰা আইন শৃংখলা পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বিষয়ৰ সভাত এনেদৰে ক্ষোভ উজাৰিল উপস্থিত প্ৰতিনিধি সকলে। বিভিন্ন ৰাজনৈতিক দলৰ নেতা, সামাজিক সংগঠনৰ প্ৰতিনিধি, স্থানীয় বিধায়ক, প্ৰাক্তন মন্ত্ৰী, উপস্থিত থকা সভাখনত নিলামবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীকো আমন্ত্ৰন জনোৱা হৈছিল | কিন্তু ভাৰপ্ৰাপ্ত বিষয়া এইচ.আৰ. ৰংমাই সভাত উস্থিতত নেথাকি এজন সহকাৰী বিষয়াক পঠিয়াই দিয়াক লৈ প্ৰথমেই ক্ষুদ্ধ হৈ উঠে ৰাইজৰ সৈতে বিধায়ক গৰাকী নিজে। কাৰণ নিলামবজাৰ থানাৰ অচি গৰাকীৰ সম্পূৰ্ণ সহযোগত অবৈধ ড্ৰাগছ, নিচাজাতীয় টেবলেট,মদ,জোৱা, আদিৰ ৰমৰমীয়া বেহা চলি আছে। অচি ৰংমাইয়ে এই সকল ব্যৱসায়ীৰ পৰা মাহীলী মুটা অংকৰ ধন লৈ ব্যৱসায় কৰাৰ সুযোগ দি আহিছে বুলি সভাখনত উপস্থিত সকলো ব্যক্তিয়ে অভিযোগ উত্থাপিত কৰিছে। খোদ বিধায়ক আজিজ আহমেদ খানে ক্ষুদ্ধ হৈ উপস্থিত থকা আৰক্ষী বিষয়া গৰাকীক প্ৰশ্ন কৰে অসম ৰাইফলছে পিষ্টল আৰু নিচাজাতীয় টেবলেট সহ চাৰিজন লোকক আটক কৰি দিয়াৰ পাছত কিয় দুই লাখ টকা লৈ ব্যক্তি সকলক এৰি দিয়া হ'ল। কাৰ নিৰ্দেশত এৰি দিয়া হৈছে বুলি উত্তৰ বিচাৰে। কিন্তু উপস্থিত আৰক্ষী গৰাকীয়ে কোনো উত্তৰ দিব পৰা নাই। ইয়াৰ উপৰিও নিলাম বজাৰ থানাত গোচৰ দিবলৈ গলে আৰক্ষীয়ে ৫০০০ হাজাৰ টকা দাবী কৰি লয় বুলি জনায় । পাৰপত্ৰৰ ভেৰিভিকেশনৰ বাবে প্ৰতিজন ব্যক্তিয়ে ৫০০টকা কৈ দিব লাগে। নিশা হ'লেই থানাৰ সন্মূখত গেইট বহাই তালাচিৰ নামত প্ৰতিখন গাড়ীৰ পৰা ধন দাবী কৰি লয়। অথচ আজি পৰ্যন্ত এজনো চুৰ, ডকাইত ধৰিবলৈ সক্ষম নহ'ল। ৩১ ডিচেম্বৰ নিশা থানাৰ পৰা ১০০ মিটাৰৰ ভিতৰত বজাৰৰ মাজত এজন ব্যক্তিক হত্যা কৰা হৈছে।সেই ঠাইত যোৱাৰ বাবে অচি ৰংমাইয়ৰ সময় লাগিছিল তিনি ঘণ্টা। ইপিনে মৃত দেহটো লৈ ৰাইজে পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছিল। কৰিমগঞ্জ চহৰৰ পৰা সদৰ ডি,এছ,পি,গৈ ৰাইজক বুজাই শান্ত কৰে। এনে এশ এবুড়ি অভিযোগ উত্থাপিত কৰিছে সাধাৰণ জনগনে। অতি শীঘ্ৰে অচি ৰংমাইয়ৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। ইপিনে বিধানসভাত এই বিষয়ে উত্থাপিত কৰিব বুলি জনায় বিধায়ক গৰাকীয়ে। স্থানীয় বিজেপি নেতা নিলোৎপল দাসেও অভিযোগ কৰি কয় স্থানীয় প্ৰশাসন আইনশৃঙ্খলা পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰক্ষীৰ বাবে নিলাম বজাৰ এলাকাত অসামাজিক কাৰ্য কলাপ বৃদ্ধি পাইছে। উপস্থিত চক্ৰ আধিকাৰিক গৰাকিয়েও আৰক্ষী তুলাধুনা দিয়ে |
Byte: 1. Circle officer
2. MLA
3. BJP leaderConclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.