কৰিমগঞ্জ, 29 মাৰ্চঃ কৰিমগঞ্জত কয়লাৰ অবৈধ বেহা ৷ মেঘালয়ৰ পৰা অসমলৈ নহয়, এইবাৰ আন্তৰ্জাতিক সীমান্ত পাৰ হৈ বাংলাদেশলৈ ৰপ্তানি হৈছে ক’লা হীৰাখ্যাত অবৈধ কয়লা ৷ লিডু, মাৰ্ঘেৰিটা, ডিমা হাচাওৰ কয়লা ভুৱা কাগজ দেখুৱাই ৰমৰমীয়া বেহা চলিছে বুলি অভিযোগ উত্থাপন সদৌ অসম ছাত্ৰ সন্থাৰ কৰিমগঞ্জ শাখাৰ সদস্য আৰু এআইইউডিএফৰ নেতা কৰ্মীৰ ৷ মেঘালয় পৰা কিছুমান বিশেষ ট্ৰাকেযোগে কয়লা লৈ ভাৰত বাংলাদেশৰ সীমান্ত সুতাৰকান্দিত অপেক্ষাৰত অৱস্থাত থকা বুলি অভিযোগ কৰে কৰিমগঞ্জ আছু আৰু এআইইউডিএফে ৷ অভিযোগ অনুসৰি, মেঘালয় পৰা কয়লা আনি কৰিমগঞ্জ চহৰৰ পাশ্বৱৰ্তীএলেকাত ডাম্পিং কৰে ৷ তাৰ পৰা বেলেগ ট্ৰাকেৰে বাংলাদেশলৈ পঠোৱা হয় অবৈধ কয়লা ৷ সীমা শুল্কবিভাগক লিডু, মাৰ্ঘেৰিটা, ডিমা হাচাওৰ ভুৱা চালান জিএছটি বনাই বাংলাদেশলৈ ৰপ্তানি কৰি আহিছে কয়লা ৷অবৈধ কয়লা ৰপ্তানি সন্দৰ্ভত বিভিন্ন সময়ত আছুকে ধৰি এআইইউডিএফে অভিযোগ উত্থাপন কৰে যদিও চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে দল-সংগঠন দুটাৰ নেতা কৰ্মী ৷ শীঘ্ৰে অবৈধ কয়লা ৰপ্তানিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে আছু সদস্যই ৷
কয়লা ছিণ্ডিকেটঃ বাংলাদেশলৈ ৰপ্তানি মেঘালয়ৰ কয়লা - meghalay
সীমা শুল্ক বিভাগক লিডু, মাৰ্ঘেৰিটা, ডিমা হাচাওৰ ভুৱা চালান জিএছটি বনাই বাংলাদেশলৈ ৰপ্তানি কৰি আহিছে কয়লা ৷ অবৈধ কয়লা ৰপ্তানি সন্দৰ্ভত বিভিন্ন সময়ত আছুকে ধৰি এআইইউডিএফে অভিযোগ উত্থাপন কৰে যদিও চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে নেতা কৰ্মী ৷
কৰিমগঞ্জ, 29 মাৰ্চঃ কৰিমগঞ্জত কয়লাৰ অবৈধ বেহা ৷ মেঘালয়ৰ পৰা অসমলৈ নহয়, এইবাৰ আন্তৰ্জাতিক সীমান্ত পাৰ হৈ বাংলাদেশলৈ ৰপ্তানি হৈছে ক’লা হীৰাখ্যাত অবৈধ কয়লা ৷ লিডু, মাৰ্ঘেৰিটা, ডিমা হাচাওৰ কয়লা ভুৱা কাগজ দেখুৱাই ৰমৰমীয়া বেহা চলিছে বুলি অভিযোগ উত্থাপন সদৌ অসম ছাত্ৰ সন্থাৰ কৰিমগঞ্জ শাখাৰ সদস্য আৰু এআইইউডিএফৰ নেতা কৰ্মীৰ ৷ মেঘালয় পৰা কিছুমান বিশেষ ট্ৰাকেযোগে কয়লা লৈ ভাৰত বাংলাদেশৰ সীমান্ত সুতাৰকান্দিত অপেক্ষাৰত অৱস্থাত থকা বুলি অভিযোগ কৰে কৰিমগঞ্জ আছু আৰু এআইইউডিএফে ৷ অভিযোগ অনুসৰি, মেঘালয় পৰা কয়লা আনি কৰিমগঞ্জ চহৰৰ পাশ্বৱৰ্তীএলেকাত ডাম্পিং কৰে ৷ তাৰ পৰা বেলেগ ট্ৰাকেৰে বাংলাদেশলৈ পঠোৱা হয় অবৈধ কয়লা ৷ সীমা শুল্কবিভাগক লিডু, মাৰ্ঘেৰিটা, ডিমা হাচাওৰ ভুৱা চালান জিএছটি বনাই বাংলাদেশলৈ ৰপ্তানি কৰি আহিছে কয়লা ৷অবৈধ কয়লা ৰপ্তানি সন্দৰ্ভত বিভিন্ন সময়ত আছুকে ধৰি এআইইউডিএফে অভিযোগ উত্থাপন কৰে যদিও চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে দল-সংগঠন দুটাৰ নেতা কৰ্মী ৷ শীঘ্ৰে অবৈধ কয়লা ৰপ্তানিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে আছু সদস্যই ৷
কলা হীৰাৰ কলা বেপাৰৰ আন এক আধ্যায় । মেঘালয় পৰা অসম নহয়, এতিয়া আন্তৰ্জাতীক সীমান্ত পাৰ হৈ পাচাৰ হৈ আছে কয়লা । সঠিক কাকত নথকা কয়লা এতিয়া ৰপ্তানী কৰা হৈ আছে বাংলাদেশত । মেঘালয়ৰ কয়লা লিগু, মাৰ্ঘেৰিটা, ডিমা হাচাওৰ কয়লা দেখুৱাই ভূয়া কাকত বনাই বাংলাদেশলৈ ৰপ্তানী চলি আছে । কিছুমান মেঘালয়ৰ বিশেষ ট্ৰাকে মেঘালয়ৰ পৰা কয়লা লৈ পোনপতিয়াকৈ বাংলাদেশত সোমাৱাৰ বাৱে সীমান্তত অপেক্ষা কৰি আছে । যিয়ে উদ্ঘাটিত কৰিব মেঘালয়ৰ কয়লা বাংলাদেশলৈ পাচাৰ হোৱাৰ সত্যতা । এআইইউডিএফ বিধায়কে বিজেপিক দোষাৰোপ কৰাৰ উপৰিও সদৌ অসম ছাত্ৰ সংস্তাৰ কৰিমগঞ্জ শাখায়ো অবৈধ কয়লা ব্যবসাৰ গৰিহনা জনাইছে ।
পূৰ্বে আমি দেখুৱাইছিলো কিদৰে অসম-মেঘালয় সীমান্তত হেজাৰ হেজাৰ কয়লাভৰ্তি ট্ৰাক থিয় হৈ আছে অসমত সোমুৱাৰ বাৱে । এই সকল ট্ৰাক ৰাতিৰ এন্ধাৰত বৃহত্ অংকৰ টকাৰ লেনদেনৰে অসমৰ বৰাক উপত্যকাত সোমায়, এয়া প্ৰায় সকলোৰে এতিয়া জ্ঞাত হৈ গৈছে । কিন্তু আজি আমি যি কয়লাভৰ্তি ট্ৰাকৰ শাৰি দেখুৱাই আছো এয়া অসম-মেঘালয় সীমান্তৰ মালিডোৰ নহয় । এই সকল শ শ কয়লাভৰ্তি ট্ৰাক থিয় হৈ আছে ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত । কাৰন বাংলাদেশলৈ ৰপ্তানীৰ উদ্দেশ্যে । সাধাৰনতে মেঘালয়ৰ পৰা কয়লা আনি কৰিমগঞ্জ চহৰৰ পাশ্ববৰ্তি এলাকাত ডাম্পিং কৰা হয় । ইয়াৰ পৰা বেলেগ ট্ৰাকৰে বাংলাদেশলৈ পঠোৱা হয় । কিন্তু সুতাৰকান্দি এলাকাৰ বাংলাদেশ সীমান্তত কেইটামান বিশেষ ট্ৰাকো আমাৰ কেমেৰাত বন্দি হৈছে । জানিব পাৰা মতে, টকাৰ বিনিময়ত মেঘালয়ৰ কয়লা অসমত অনাৰ পথ সুগম হোৱাৰ পাছত এনেদৰে পোনপতিয়াকৈ মেঘালয়ৰ এই বিশেষ ট্ৰাকযোগে পোনপতিয়াকৈ বাংলাদেশত পঠোৱা হৈ আছে অবৈধ কয়লা । সীমা শুল্ক বিভাগত জমা দিয়াৰ বাৱে লিগু, মাৰ্ঘেৰিটা, ডিমা হাচাওৰ কয়লা দেখুৱাই ভূয়া চালান, জিএছটি বনাই পাচাৰ কৰা হৈ আছে কয়লা । কৰিমগঞ্জৰ আছু সদস্যয় এনে কাণ্ড তীব্ৰ গৰিহনা জনাই কয়, এটা ছিণ্ডিকেট বনাই মেঘালয়ৰ কয়লা অসমৰ বিভিন্ন ঠাইত স্টক কৰে । পৰবৰ্তিত ভূয়া কাকাত বনাই কৰিমগঞ্জ শিলচৰত আনি বাংলাদেশলৈ পঠাই দিয়ে । এই ক্ষেত্ৰত চৰকাৰ পক্ষ আনকি বিৰোধী পক্ষ সকলেই নিমাত হৈছে আছে । কাষ্টম বিভাগেও এনে ভূয়া কাকতৰ সত্যতা যাচাই নকৰে । এনে অবৈধ ব্যবসা আগামী দিনত বন্ধ নহলে আন্দোলন গড়ি তোলাৰো ভাবুকি প্ৰদান কৰে আছু সদস্যয় ।
অবৈধ কয়ালাৰ ব্যবসা লৈ এআইইউডিএফৰ বিধায়কে দুদিন পূৰ্বে পুনৰ এবাৰ বিজেপিক দোষাৰোপ কৰি তুলা ধুনা কৰে । লগতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো গতানুগতিকভাবে পুনৰ ঘটনাৰ উচিত তদন্ত হব বুলি জনায় । কিন্তু মেকুৰিৰ গলত কোনে ঘন্টা বান্ধিব, অবৈধ কয়লাক লৈ এতিয়া এনে অবস্থাই বিৰাজ কৰি আছে । কৰিমগঞ্জৰ পৰা বিশ্বপ্ৰতাপ নাৰায়ণ চক্ৰৱৰ্তীৰ রিপোৰ্ট ইটিভি ভাৰত অসম।
Conclusion:অভিযোগ উঠেছে চৰকাৰৰ বহু আধিকাৰীক এই বেহাত প্ৰত্যক্ষ মদত দিয়াছে।