ETV Bharat / state

ত্ৰিপুৰাত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত নিহত 1

মিজোৰামৰ শৰণাৰ্থীক সংস্থাপন দিয়াৰ বিৰোধিতাত ত্ৰিপুৰাত সাব্যস্ত প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ত্ৰিপুৰাত ৷ আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিৰ ফলত মৃত্যুক আঁকোৱালি লৈছে এগৰাকী প্ৰতিবাদকাৰীয়ে ৷ আহত হৈছে 6 গৰাকী প্ৰতিবাদকাৰী ৷

Hungama at tripura assam etv bharat news
ত্ৰিপুৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
author img

By

Published : Nov 21, 2020, 5:38 PM IST

Updated : Nov 25, 2020, 3:06 PM IST

কৰিমগঞ্জ,21 নৱেম্বৰ : ত্ৰিপুৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ মিজোৰামৰ পৰা অহা ব্ৰু ৰিয়াং শৰণাৰ্থীসকলক পুনৰ সংস্থাপন দিয়াৰ বিৰোধিতাত জয়েন্ট মুভমেণ্ট ফ’ৰাম নামৰ সংগঠনটোৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্যখনত ৷ ধাৰাবাহিকভাৱে চলি থকা এই আন্দোলনে ষষ্ঠ দিন অতিক্ৰম কৰে ৷

ত্ৰিপুৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

শনিবাৰে আন্দোলনকাৰীসকলে কাঞ্চনপুৰৰ পৰা পাণিসাগৰ অভিমুখে সমদল বাহিৰ কৰি অৱৰোধ কৰে ৰে’লপথৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে ৷ আৰক্ষীৰ এই ভূমিকাত খড়্গহস্ত হৈ পৰা প্ৰতিবাদকাৰীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ দুয়োপক্ষৰ হতাহতিৰ ফলত 6 গৰাকী প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে থিতাতে নিহয় হয় এগৰাকী প্ৰতিবাদকাৰী ৷ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰে ৷ অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনা এইপৰ্যন্ত শাম কটা নাই বুলি জানিব পৰা গৈছে ৷

ক্ষুব্ধ প্ৰতিবাদকাৰীসকল

লগতে চাওকঃ দহ বছৰে কৰ্মচাৰী উপস্থিত নোহোৱা বনবিভাগৰ এটা কাৰ্যালয়

Last Updated : Nov 25, 2020, 3:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.