কৰিমগঞ্জ, ২১ মে': নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীয়ে পুনৰ লাভ কৰিছে এক বৃহৎ সফলতা ৷ প্ৰাপ্ত তথ্য অনুসৰি, পাথাৰকান্দিৰ মৈনা এলেকাত পাথাৰকান্দি আৰু বাৰইগ্ৰাম আৰক্ষীৰ যুটীয়া অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, AS১০ AC--৪৮৯৩ নম্বৰৰ এখন মেজিক ট্ৰাকত তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় ইয়াবা টেবলেট ৷ টেবলেটখিনি দুটা পেকেটত লুকুৱাই লৈ আহিছিল ৰচিদ আহমদ নামৰ এজন যুৱকে ।
দুটা পেকেটত ২ কেজি ২৬ গ্ৰাম টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মুঠ ১৬ হেজাৰ টেবলেট আছিল পেকেট দুটাত ।
জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় দহ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এই তালাচী অভিযানত আটক কৰে ধৃত ৰচিদ আহমদক । অধিক তথ্যৰ বাবে বৰ্তমানে আৰক্ষীয়ে সোধ পোচ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: মুখ্যমন্ত্রীৰ আহ্বানৰ প্ৰতি আলফাৰ সহাঁৰি: এৰি দিয়া হ’ব ৰিতুল শইকীয়াক