ETV Bharat / state

ৰহস্যজনকভাৱে স্থগিত হেলিপ’ৰ্ট নিৰ্মাণৰ কাম - কৰিমগঞ্জ বন্দৰ

কৰিমগঞ্জৰ সুপ্ৰাকান্দি অঞ্চলত স্থাপন কৰা হেলিপ’ৰ্ট (Heliport) অৰ্থাৎ বন্দৰ নিৰ্মাণৰ কাম ৰহস্যজনকভাৱে বন্ধ হৈ আছে ৷ হেলিপ’ৰ্ট নিৰ্মাণৰ বাবে চৰকাৰক ভূমি প্ৰদান কৰা অঞ্চলবাসীয়েও ঘূৰাই পোৱা নাই তেওঁলোকৰ ভূমি ৷

heliport construct work stopped in karimganj
কৰিমগঞ্জত হেলিপ’ৰ্ট নিৰ্মাণৰ কাম বন্ধ
author img

By

Published : Jul 8, 2021, 7:20 PM IST

Updated : Jul 8, 2021, 7:32 PM IST

কৰিমগঞ্জ, 8 জুলাই : কৰিমগঞ্জৰ সুপ্ৰাকান্দি অঞ্চলত স্থাপন কৰা হেলিপ’ৰ্ট (Heliport) অৰ্থাৎ বন্দৰ নিৰ্মাণৰ কাম ৰহস্যজনকভাৱে বন্ধ হৈ পৰাক লৈ সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ৷ হেলিপ’ৰ্ট নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ কিছুদিন পাচত ৰহস্যজনক ভাৱে বন্ধ হৈ পৰে অভিলাষী আঁচনিৰ কাম । হেলিপ’ৰ্ট নিৰ্মাণৰ বাবে চৰকাৰক ভূমি প্ৰদান কৰাসকলে নাপালে মাটিৰ মূল্য ৷ আনকি ঘূৰাই নাপালে চৰকাৰক প্ৰদান কৰা কৃষিভূমিও ৷

উল্লেখ্য যে, 2018 চনত লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ই আধাৰশিলা স্থাপন কৰিছিল এই বন্দৰটোৰ ৷ আধাৰশিলা স্থাপনৰ পূৰ্বে স্থানীয় ৰাইজক বুজাই দিয়া হৈছিল হেলিপ’ৰ্টৰ অৰ্থ ৷ ভিতৰুৱা এটা অঞ্চলত এনে এখন অভিলাষী আঁচনিৰ কথা শুনি ৰাইজে সপোন দেখিছিল যে এই আঁচনিৰ যোগেদি অঞ্চলটো উন্নত হ’ব । সপোন পূৰণৰ বাবে প্ৰায় 12 বিঘা মাটি চৰকাৰক চৰ্তানুযায়ী প্ৰদান কৰিছিল অঞ্চলবাসীয়ে ।

কৰিমগঞ্জত হেলিপ’ৰ্ট নিৰ্মাণৰ কাম বন্ধ

প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে হেলিপ’ৰ্ট নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । আনকি মাটি ভৰাই এটা প্ৰান্তত গাৰ্ড ৱাল পৰ্যন্ত নিৰ্মাণ কৰা হৈছিল । কিন্তু ৰহস্যজনকভাৱে হঠাতে বন্ধ কৰি দিয়া হৈছিল হেলিপ’ৰ্ট নিৰ্মাণৰ কাম ।

নিৰ্মাণৰ কাম চলি থকা সময়তে হঠাতে এনিশাৰ ভাগত ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ (Bijoy Malakar) আৰু সেই সময়ৰ জিলা উপায়ুক্ত আন্বামুথান এমপি (Anbamuthan MP) সেই স্থানত উপস্থিত হৈ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজক এই অঞ্চলটো Low Land বুলি জনাই বন্ধ কৰি দিয়া হৈছিল হেলিপ’ৰ্ট নিৰ্মাণৰ কাম । হেলিপ’ৰ্ট নিৰ্মাণৰ কাম বন্ধ হোৱাৰ পাচতো আজিলৈকে মাটি প্ৰদান কৰাসকলে নাপালে মাটিৰ মূল্য ।

আনকি অধিগ্ৰহণ কৰা মাটি পুনৰ ঘুৰাই দিয়া নহ’ল মালিক পক্ষক । সেয়ে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মাটিৰ মালিকপক্ষই । গতিকে প্ৰশ্ন হয়, আগন্তুক দিনত সম্পূৰ্ণ হ’বনে সুপ্ৰাকান্দিবাসীৰ সপোনৰ হেলিপ’ৰ্ট নিৰ্মাণৰ কাম? অন্যথা ঘূৰাই পাবনে হেলিপ’ৰ্ট নিৰ্মাণৰ বাবে দান কৰা তেওঁলোকৰ ভূমি ?

লগতে পঢ়ক : হোজাইত ১০ জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত

Last Updated : Jul 8, 2021, 7:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.