ETV Bharat / state

গোচৰীয়াক দুৰ্ব্যবহাৰ কৰি ক্ষমা খুজিলে এগৰাকী আৰক্ষী বিষয়াই

গৰু চোৰ ঘটনাৰ গোচৰ তৰিবলৈ আহি আৰক্ষী বিষয়াগৰাকীৰে তৰ্কাতৰ্কিত লিপ্ত হয় গোচৰীয়া ৷

Heated conditions in karimganj
গোচৰীয়াক দুৰ্ব্যবহাৰ কৰি পাছত ক্ষমা খুজিলে এগৰাকী আৰক্ষী বিষয়াই
author img

By

Published : Jul 31, 2020, 12:36 PM IST

কৰিমগঞ্জ, 31 জুলাই : কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই বৃহস্পতিবাৰে গোচৰ তৰিবলৈ অহা একাংশ লোকৰ সৈতে অভৱ্য আচৰণ কৰাত বিয়লি থানাৰ চৌহদ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ উত্তেজিত লোকে আৰক্ষী বিষয়াগৰাকীৰ এনে কাণ্ডক গৰিহনা দি পৰিস্থিতি উত্তপ্ত কৰি তোলে । অৱশেষত ৰাজহ পৰিদৰ্শক বিষয়া আনোৱাৰ চৌধুৰীৰ মধ্যস্থতাত আৰক্ষী বিষয়াগৰাকীয়ে ক্ষমা খোজাত পৰিস্থিতি স্বাভাৱিক হয় ।

গোচৰীয়াক দুৰ্ব্যবহাৰ কৰি পাছত ক্ষমা খুজিলে এগৰাকী আৰক্ষী বিষয়াই

নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধাই অঞ্চলৰ জনৈক ৰত্নময় নাথ নামৰ এগৰাকী ব্যক্তিৰ গোহালিৰ পৰা বুধবাৰে নিশা দুটাকৈ গৰু চুৰি হয় । বৃহস্পতিবাৰে দিনত চুৰি হোৱা গৰু কেইটা কাষৰীয়া গাঁৱৰ আব্দুছ ছুফান নামৰ এজন লোকৰ ঘৰত বান্ধি থোৱা সম্ভেদ লাভ কৰাত ৰত্নময় নাথে কেইজনমান লোকৰ লগত লৈ আব্দুছ ছুফানৰ ঘৰত উপস্থিত হয় ৷ আব্দুছ ছুফানে ৰত্নময় নাথৰ ওপৰত আক্ৰমণ চলাই যদিও স্থানীয় আন লোকৰ সহযোগত নাথে চোৰসহ গৰু কৰায়ত্ব কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত গোচৰ তৰিবলৈ অহা লোকৰ লগত তৰ্কাতৰ্কি হোৱাত আৰক্ষী বিষয়া মনোৰঞ্জন সিন্হাই গোচৰীয়া পক্ষক অশালীন ব্যৱহাৰ কৰে ।

লগতে পঢ়ক : জনজাতিকৰণৰ দাবীত আন্দোলনৰ হুংকাৰ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.