কৰিমগঞ্জ, 13 অক্টোবৰঃ দুৰ্গা পূজাৰ প্ৰকমুহূৰ্তত বন্ধ হোৱা কৰিমগঞ্জৰ হাতীখিৰা চাহ বাগিছাত এতিয়া হাহাকাৰ পৰিস্থিতি । খাদ্য সংকটৰ লগতে মৃত লোকৰ শ্ৰাদ্ধ পাতিবলৈ হাহাকাৰ পৰিস্থিতি বাগিছাখনৰ শ্ৰমিকৰ মাজত । কাৰণ বাগান কৰ্তৃপক্ষই বাগান লক্ আউট কৰি বন্ধ ৰাখিছে দৰমহা, ব’নাচ, ৰেচন । অনাহাৰে দিন কটাই দুৰ্গাপূজাৰ দুদিন পূৰ্বে চিন্তাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল বাগিছাখনৰ এগৰাকী শ্ৰমিকৰ । তাৰ পাচত অনাহাৰতে পূজাৰ দুদিন পাচত আকৌ মৃত্যু ঘটে এগৰাকী শ্ৰমিকৰ পত্নীৰ । এতিয়া মৃত পত্নীৰ শ্ৰাদ্ধ পাতিবলৈও হাতত নাই ধন ৷ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম সোণমনি সতনামি ।
যোৱা 27 ছেপ্টেম্বৰত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতীখিৰা চাহ বাগিছাত তলা উলমাই পলায়ন কৰিছিল বাগিছাৰ খনৰ পৰিচালক শুভ্ৰ প্ৰকাশ নায়েকে ৷ সেই দিনৰ পৰাই বাগিছা খনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

স্থানীয় বিধায়ক কৃষ্ণনেন্দু পালে কিছু পৰিমাণে শ্ৰমিক সকলৰ মাজত আটা, কাপোৰ আৰু প্ৰশাসনৰ ফালৰ পৰা কিছু পৰিমাণে চাউল দিছে যদিও সেইয়া পৰ্যাপ্ত নহয় ৷ ইমান দিন ধৰি বিশুদ্ধ খোৱা পানীৰ লগতে অত্যাৱশকীয় সামগ্ৰীকলৈও বাগিছাখনৰ শ্ৰমিকৰ মাজত চৰম দুৰ্ভিক্ষই দেখা দিছে ৷

ফলত বাধ্যত পৰি নদীৰ পৰা অহা এটাৰ কলৰ পৰাই লেতেৰা পানী গ্ৰহণ কৰিব লগা হৈছে শ্ৰমিকসকলে । আনকি বাগিছাৰ চিকিৎসালয় খনো চিকিৎসকৰ অভাৱত বন্ধ হৈ পৰি আছে ৷ এনে এক পৰিস্থিতিত এতিয়া শ্ৰমিক সকলৰ একমাত্ৰ ভৰসা হৈছে চৰকাৰে হস্তক্ষেপ গ্ৰহণ কৰি অতি সোনকালে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ ৷
- লগতে চাওকঃ এক সপ্তাহত 3গৰাকী BJP নেতাক গুলীয়াই হত্যা