ETV Bharat / state

অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত আটক 4 বাংলাদেশী - bangladeshi arrest in karimganj

অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত চাৰি বাংলাদেশী নাগৰিক(Bangladeshi Citizen) আটক ৷ বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ নৈশ বাছেৰে অসমত প্ৰৱেশ কৰোতেই চূড়াইবাৰী আৰক্ষী(Churaibari Police)য়ে আটক কৰে সন্দেহজনক বাংলাদেশী কেইজনক ৷ আটকাধীন চাৰি বাংলাদেশী মন্দিৰ আক্ৰমণ কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

bangladeshi arrest in assam tripura border
অসম-ত্ৰিপুৰা সীমান্তত বাংলাদেশী আটক
author img

By

Published : Oct 30, 2021, 2:02 PM IST

কৰিমগঞ্জ, 30 অক্টোবৰ : কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত শুকুৰবাৰে নিশা চাৰি বাংলাদেশী নাগৰিক(Bangladeshi Citizen)ক আটক কৰে অসম আৰক্ষী(Assam Police)য়ে ৷ বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ অসমত প্ৰৱেশ কৰাৰ পূৰ্বে বাংলাদেশী নাগৰিক কেইজনক আটক কৰিবলৈ সক্ষম হয় চূড়াইবাৰী আৰক্ষী(Churaibari Police)য়ে ।

অসম-ত্ৰিপুৰা সীমান্তত বাংলাদেশী আটক

আটকাধীন বাংলাদেশী কেইজনৰ নাম ক্ৰমে- য়াকেশ শ্বেখ, আছাদুল শ্বেখ, শ্বানা উল্লা আৰু কাওছাৰ হুছেইন ৷ আটাইকেইজনৰে ঘৰ বাংলাদেশৰ ৰাজশ্বাহী জিলাত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্ত ধাৰণা অনুসৰি, বাংলাদেশৰ মন্দিৰ আক্ৰমণ কাণ্ডৰ সৈতে এই চাৰিজন বাংলাদেশী জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷

বাংলাদেশৰ পৰা ত্ৰিপুৰাৰ চিপাহী জিলাৰ হৰিশপুৰ চাহ বাগিচাৰ মাজেৰে প্ৰথমে আগৰতলাত উপস্থিত হয় বাংলাদেশী চাৰিজন | ইয়াৰ পাচতে চাৰিওজনে আগৰতলাৰ পৰা AS-01-LC-8919 নম্বৰৰ এখন নৈশ বাছেৰে গুৱাহাটীলৈ ৰাওনা হৈছিল ৷

বাছখন ত্ৰিপুৰা পাৰ হৈ অসমত সোমাওতেই চূড়াইবাৰী আৰক্ষীয়ে তালাচী চলাই চাৰিওজন বাংলাদেশীক আটক কৰে ৷ এইক্ষেত্ৰত আগৰতলাৰ পৰা অসম সীমান্তলৈ ত্ৰিপুৰাৰ ভালেকেইখন থানা পাৰ হৈ ইমান নিৰাপদে কেনেকৈ আহি পালে বুলি প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত ৷

লগতে পঢ়ক : তলাবন্ধ জুৱেলাৰীৰ দোকানত কিয় লাগিছে সোণ-ৰূপৰ গ্ৰাহকৰ ভিৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.