ETV Bharat / state

টিকট লাভ কৰি বিজেপিক হুংকাৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ

author img

By

Published : Mar 9, 2021, 4:47 PM IST

দক্ষিণ কৰিমগঞ্জত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ হুংকাৰ প্ৰদান ৷ ছিটিং বিধায়কক বাদ দি ছিদ্দিক আহমেদক মহাজোঁটৰ টিকট প্ৰদান কৰাৰ পাচতে বিজেপি দলক ভেটি ধৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

former-minister-siddeque-ahmed-public-meeting
মন্ত্ৰী ছিদ্দিক আহমেদৰ হুংকাৰ

কৰিমগঞ্জ,9 মাৰ্চ : মহাজোঁটৰ টিকট নিশ্চিত হোৱাৰ পাচত দক্ষিণ কৰিমগঞ্জত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে বিজেপিক উদ্দেশ্যি প্ৰদান কৰিছে হুংকাৰ ৷ দলীয় কৰ্মী-সমৰ্থকৰ উষ্ম আদৰণিৰ পাচত নিলাম বজাৰৰ এখন জনসভাত ভাগ লৈ হুংকাৰ দিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে, বিজেপিৰ দৰে সাম্প্ৰদায়িক দলক অসমৰ পৰা উৎখাত কৰাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওচৰত এআইইউডিএফ দলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ প্ৰস্তাৱ লৈ এসময়ত তেওঁ নিজে উপস্থিত হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত ছিটিং বিধায়কক বাদ দি ছিদ্দিক আহমেদক মহাজোঁটৰ টিকট প্ৰদান কৰা হৈছে । ইয়াৰ একমাত্ৰ কাৰণ অসমত কংগ্ৰেছৰ নেতৃত্ব জীয়াই ৰখা বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী আহমেদে ৷

মন্ত্ৰী ছিদ্দিক আহমেদৰ হুংকাৰ

আনহাতে, দলীয় টিকটৰ পৰা বঞ্চিত হৈ অৱশেষত অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে এআইইউডিএফ দলৰ পৰা 2016 ৰ বিধানসভা নিৰ্বাচনত জয় লাভ কৰা আজিজ আহমেদ খানে । মুঠতে দক্ষিণ কৰিমগঞ্জৰ ৰাজনীতিত দেখা গৈছে এক ব্যাপক পৰিৱৰ্তন ৷

লগতে পঢ়ক : আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.